আকৰ্ষণীয় ৰোড শ্ব’ৰে পূব গুৱাহাটীৰ অজাপ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ প্ৰচাৰ অভিযানৰ সামৰণি

AJP

৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰৰ৷ বিগত দিনকেইটাৰ দৰে ৪ এপ্ৰিলতো পূব গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে তীব্ৰ প্ৰচাৰ চলায়৷ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী, বিজেপিৰ প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভেটিত কঁপনি তুলি সমষ্টিটোৰ বিভিন্ন অঞ্চলত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায় অজাপৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে৷ প্ৰচাৰৰ সময়ত সমষ্টিটোৰ ভোটাৰ ৰাইজে প্ৰাৰ্থীগৰাকীক পূৰ্ণ সমৰ্থন দেখুওৱা পৰিলক্ষিত হয়৷

পুৱা ৮ বজাৰ পৰা ৯.৩০ বজালৈ সমষ্টিটোৰ ১৯ নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে গৈ প্ৰচাৰ চলায় অদীপ কুমাৰ ফুকনে৷ ইয়াৰ পিছত ১০ বজাত উপস্থিত হয় ডনবস্কো গীৰ্জাত৷ গীৰ্জাত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে অজাপৰ প্ৰাৰ্থীগৰাকীয়ে৷ গীৰ্জাত উপস্থিত থকা খ্ৰীষ্টানধৰ্মী লোকসকলৰ পৰা লাভ কৰে ব্যাপক সঁহাৰি তথা আশীৰ্বাদ৷ ইয়াৰ পিছত ১০.৩০ বজাৰ পৰা ফুকনে প্ৰচাৰ চলায় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ ওচৰ-পাজৰৰ অঞ্চলবোৰত৷
১১.৩০ বজাৰ পৰা জোনালী অঞ্চলত, ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ তৰুণ নগৰ আৰু ২ বজাৰ পৰা ৩ বজালৈ ৰাজভৱনৰ ওচৰৰ অঞ্চলবোৰত প্ৰচাৰ চলায় অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে৷

আনহাতে, ৪ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভাস্কৰ নগৰত প্ৰচাৰ চলাই এটি ৰোড শ্ব’ উলিয়ায়৷ গুৱাহাটী মেডিকেল কলেজৰ পৰা ৰূপনগৰ,বিৰুবাৰী,ৰিহাবাৰী হৈ লাখটকীয়া,পাণবজাৰ,উজানবজাৰ,চেনিকুঠি, চানমাৰি হৈ ৰাজগড় ৰোডস্থিত দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত সন্ধিয়া ৬ বজাত এই আকৰ্ষণীয় ৰোড শ্ব’ৰে আনুষ্ঠানিক প্ৰচাৰ কাৰ্যৰ সামৰণি পেলায় ফুকনে৷

Your Comments