অন্ততঃ ১০০ বছৰলৈ এপোফিজৰ সৈতে পৃথিৱীৰ সংঘৰ্ষৰ কোনো আশংকা নাই

এপোফিজ

২০০৪ চনত এপোফিজ নামৰ গ্রহাণুটোৰ আৱিষ্কাৰ হয়। ইয়াৰ পিছৰ পৰাই মহাকাশবিজ্ঞানীসকলক এটা আশঙ্কাই বেৰি ধৰিছিল এই কথা জানি যে সেই গ্ৰহাণুটো পৃথিবীৰ ওচৰ চাপি আহিছে। কিন্তু বৰ্তমান সেই ধৰণৰ কোনো আশঙ্কা নাই বুলি জনাইছে নাছাই।

NASA-ৰ বিজ্ঞানীসকল আৰু অন্য মহাকাশ বিজ্ঞানীসকলে আগতে জনাইছিল, এইটোৱেই পৃথিৱীৰ বাবে সকলোতকৈ বিপজ্জনক গ্রহাণু। এই ক্ষেত্রত ২০২৯ আৰু ২০৩৬ চনত পৃথিৱীৰ ওপৰত আহি পৰিব পাৰে এপোফিজ। যদিও পিছত সেই পূর্বাভাসৰপৰা আঁতৰি আহিল মহাকাশ সংস্থাটো।

মিছৰৰ মিথোলজি অনুসৰি অন্ধকাৰ, ধুমুহা, ভূমিকম্প, মৃত্যুৰ দেৱতা হ’ল এই এপোফিজ। সেই দেৱতাৰ নামানুসাৰেই এই গ্রহাণুটোৰ নাম এপোফিজ ৰখা হৈছিল। ইয়াৰ ধ্বংসাত্মক চৰিত্ৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো এই নাম দিয়া হৈছিল। আৰু প্রথমৰপৰাই কোৱা হৈছিল, গ্রহাণুটো পৃথিৱীৰ বাবে যথেষ্ট বিপজ্জনক।

বিপদৰ আশঙ্কা এতিয়াও নথকা নহয়। যোৱা ৫ মার্চত পৃথিৱীৰ ১৭ মিলিয়ন কিলোমিটাৰ দূৰেৰে পাৰ হৈ গৈছে এই গ্ৰহাণুটো। ইয়াৰ পিছত ২০২৯ চনত পৃথিৱীৰ অতি কাষলৈ আহিব এপোফিজ। বিজ্ঞানীসকলৰ ঘোষণা, ২০২৯-ৰ ১৩ এপ্রিলত পৃথিৱীৰপৰা ৩২,০০০ কিলোমিটাৰ দূৰেৰে পাৰ হ’ব গ্রহাণুটো। কিন্তু ২০৬৮ চনত গ্রহাণুটোৰ সৈতে পৃথিৱীৰ সংঘর্ষ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু এইবাৰ বিজ্ঞানীসকলৰ মত অলপ বেলেগ। নাছাৰ ফালৰপৰা পৰিষ্কাৰকৈ জনাই দিয়া হ’ল, বৰ্তমান এই ধৰণৰ কোনো মহাজাগতিক সংঘর্ষৰ আশঙ্কা নাই। অন্ততঃ অহা ১০০ বছৰৰ ভিতৰত পৃথিৱীৰ সৈতে এপোফিজৰ সংঘৰ্ষৰ কোনো ঘটনাই নঘটে ।

Your Comments