২মহীয়া সন্তানৰ বাবে চন্দ্ৰত মাটি কিনিলে চুৰাটৰ ব্যৱসায়ীয়ে

VIJAYBHAI KATHIRIYA

নিজৰ দুমহীয়া সন্তানৰ বাবে চন্দ্ৰত মাটি কিনিলে চুৰাট ব্যৱসায়ী বিজয়ভাই কাথিৰিয়াই ৷ কিছুদিন পূৰ্বে তেওঁ এই ইচ্ছা ব্যক্ত কৰি নিউয়ৰ্কত থকা ইন্টাৰ্নেচনেল লুনাৰ ৰেজিষ্ট্ৰিলৈ ইমেইল যোগে আবেদন প্ৰেৰণ কৰিছিল ৷ যোৱা ১৩ মাৰ্চত কাথিৰিয়াৰ আবেদন অনুমোদন জনোৱা হয় ৷ 

PLOT IN MOON

চন্দ্ৰত মাটি ক্ৰয়ৰ বাবে সকলো প্ৰয়োজনীয় নথি-পত্ৰ প্ৰেৰণ কৰিছে ব্যৱসায়ী গৰাকীয়ে ৷ খবৰ অনুসৰি, পুত্ৰ নিত্যাৰ বাবে ক্ৰয় কৰা এই মাটিৰ বাবে তেওঁ ব্যয় কৰিব লগা হৈছে ৭৫০ ডলাৰ ৷ কাথিৰিয়া চন্দ্ৰত মাটি ক্ৰয় কৰা চুৰাটৰ প্ৰথমজন ব্যক্তি ৷ তেওঁ ক্ৰয় কৰা মাটিখিনি “sea of muscovy”ত  ৷ মাটি ক্ৰয়ৰ চাৰ্টিফিকেট ইতিমধ্যে তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে ৷

Your Comments