শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱৰ জন্মভিঠা আৰু বৈকুণ্ঠপুৰ সত্ৰ বেদখলমুক্ত আৰু উন্নয়নৰ দাবী সদৌ অসম দেৱ দামোদৰ সংঘৰ

#বিশেষ প্ৰতিবেদক,হাজো:

উত্তৰ-পূব ভাৰতৰ মহান বৈষ্ণৱ গুৰু অসমত পূৰ্ণাংগ সত্ৰৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱৰ জন্মস্থান আৰু বৈকুণ্ঠপুৰ সত্ৰ বেদখলমুক্ত কৰাৰ লগতে সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজনৈতিক দলসমূহৰ ওচৰত সদৌ অসম দেৱ দামোদৰ সংঘই দাবী জনাইছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংঘৰ প্ৰশাসনিক সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপে সমাগত বিধানসভা নিৰ্বাচনত কোনো এটি ৰাজনৈতিক দলে দেৱদামোদৰ দেৱৰ জন্মভিঠা নগাঁঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কোবাইকটা সত্ৰ বেদখল মুক্ত কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা আৰু গুৰুজনাৰ তিৰোভাৱ ঘটা কোচবিহাৰৰ বৈকুণ্ঠপুৰ সত্ৰ আৰু সমাধিক্ষেত্ৰৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে। ধৰ্মীয়, সংস্কৃতি আৰু সমন্বয়ৰে বৰ অসমৰ আত্মা সংস্থাপক দেৱদামোদৰ দেৱ আৰু গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱৰ অৱদানক পাহৰি যোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বিষয়ববীয়া দুগৰাকীয়ে অসমৰ কোনো এটি ৰাজনৈতিক দলে নিৰ্বাচনী ইষ্টাহাৰত গুৰু দুজনাক গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে। বিশেষকৈ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কোবাইকটা সত্ৰ বেদখল মুক্তি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰা বা নাম উল্লেখ নকৰাৰ অন্তৰালত বিশেষ এটি জনসমষ্টিৰ ভোট লাভৰ অংক জড়িত হৈ থকা বুলি অভিযোগ কৰে। সংঘই শীঘ্ৰে অসমৰ দামোদৰীয় সম্প্ৰদায়ৰ প্ৰতি এই অৱহেলাৰ অন্ত পেলাবলৈ সকলো ৰাজনৈতিক দল, সংগঠনৰ প্ৰতি দাবী জনাই ভৱিষ্যতে এই কাৰ্য সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ।

 

Your Comments