গুগ্‌ল মেপৰ নতুন সুবিধা, পথ আঁকি নামকৰণো কৰিব পৰা যাব

Google Map

এইবাৰ অধিক আকর্ষণীয় ৰূপত গুগ্‌ল মেপ ৷ ব্যৱহাৰকাৰী সকলৰ বাবে নতুন সুবিধা লৈ আহিল টেক্‌ জায়েন্ট গুগ্‌লে  ।

Google Map

মেপত নথকা কোনো পথ আঁকি তাৰ নামকৰণ পর্যন্ত কৰিব পাৰিব ব্যৱহাৰকাৰীসকলে। কেৱল সেয়ে নহয়, পথৰ ভুল নাম সংশোধন, ভুল পথ মেপৰপৰা আঁতৰাই দিয়া বা পথৰ স্থান পৰিৱৰ্তন কৰাৰ দৰে একাধিক সুবিধা পাব নতুন এই সুবিধাত। 

Google Map

গুগ্‌লৰ এটা ব্লগ পোষ্ট অনুসৰি, নতুন এই সুবিধা 'ড্রয়িং'  অপ্‌চন হিচাপে থাকিব যি একেবাৰে মাইক্রোচফ্ট পেইন্টৰ লাইন টুলৰ দৰে। সংস্থাটোৱে জনাইছে, অহা মাহত কমপক্ষেও ৮০খন দেশত এই সুবিধা উপলব্ধ হ’ব । মেপত পথ যোগ কৰিবলৈ হ’লে  ব্যৱহাৰকাৰীসকলৰ এটা পিন ড্রপ কৰি সেই পথৰ যথাযথ পিন ড্রেগ কৰি সংশ্লিষ্ট নাম দি দাখিল কৰিব লাগিব। মানুহৰ সুবিধার্থে এই পদক্ষেপ লোৱা বুলি জনাইছে গুগ্‌লে।

Google Map

কিন্তু এইক্ষেত্রত গুগ্‌লৰ তৰফৰপৰা দিয়া যথেষ্টখিনি নিৰ্দেশনা মানি চলিব লাগিব ব্যৱহাৰকাৰী সকলে । সম্পূৰ্ণ সঠিক পথ যোগ কৰা হৈছেনে নাই সেয়া পৰীক্ষণ কৰিব গুগ্‌লে। ইচ্ছাকৃত অসুবিধাৰ বাবে কোনোবাই পথ সংযোগ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গুগ্‌লে।

Google Map

সর্বোপৰি পথ সংযোগ কৰাৰ পিছত সেই নতুন সংযোজনক ৭ দিন ধৰি ৰিভিউ কৰিব গুগ্‌লে। ইয়াৰোপৰি, 'ফটো আপডেটচ্‌' নামেৰে অন্য এটা নতুন ফিচাৰো আনিব গুগ্‌লে। এই ফিচাৰত যিকোনো স্থানৰ ফটো এড্‌ কৰি তাৰ বিষয়ে সৰুকৈ ৰিভিউ লিখিব পৰা যাব।

Your Comments