আৰম্ভ হ’ব ভাৰতৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত ৰেলৱে ষ্টেচন

AC Railway-Station

ৰেল ষ্টেচনতো এইবাৰ বিমানবন্দৰৰ দৰে সুযোগ-সুবিধা আৰম্ভ কৰা হৈছে। দেশৰ প্রথম কেন্দ্ৰীকৃত বাতানুকূল ৰেল ষ্টেচন নিৰ্মাণ হ’ল বেঙ্গালুৰুত। 

AC Railway-Station

বেঙ্গালুৰুত আন্তর্জাতিক মানদণ্ডৰ ৰেল টার্মিনেলৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। শীঘ্রেই জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব এই ষ্টেচন। ষ্টেচনটোৰ নামকৰণ কৰা হৈছে এম বিশ্বেশ্বৰায়ৰ নামত। এই ষ্টেচনটো আৰম্ভ হ’লে কেএছআৰ বেঙ্গালুৰু আৰু যশৱন্তপুৰ ষ্টেচনৰ ভীৰ যথেষ্ট কমিব। দক্ষিণ পশ্চিম ৰেলৰ মুখপাত্রয়ে জনাই যে, '২০১৫-১৬ চনত বয়াপ্পানাহাল্লিত তৃতীয় কোচ টার্মিনেল নির্মাণৰ অনুমোদন দিয়া হৈছিল।'    

AC Railway-Station

এই শীততাপ নিয়ন্ত্রিত ষ্টেচনটো নিৰ্মাণ কৰিবলৈ লাগিছে ৩১৪ কোটি টকা। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰম্ভ হোৱাৰ কথা আছিল এই ষ্টেচনটো। কিন্তু কৰ’নাৰ বাবে ইয়াৰ নিৰ্মাণকাৰ্য সময়ত সম্পূর্ণ কৰিব পৰা নগ’ল ৷

AC Railway-Station

অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰেৰে নির্মিত এই ৰেল ষ্টেচনৰ ভিতৰতো আছে আধুনিক ব্যৱস্থা। দিনে ৫০খন ট্রেইন এই ষ্টেচনত ৰ’ব পাৰিব। উক্ত ষ্টেচন ভৱনটো ৪২০০ বর্গমিটাৰৰ । প্রতিদিনে ৫০,০০০ খোজ পৰাৰ ক্ষমতা আছে ষ্টেচনটোৰ। টার্মিনেলটোত আছে ৭টা ষ্টেচন। 

Your Comments