#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সমগ্র শিক্ষা অভিযান,নলবাৰীৰ উদ্যোগত বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত ১ং বৰাজোল প্ৰাথমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে সামূহিক উৎসৱ (Community Fastival )ৰ অনুষ্ঠান ২নং পূব বনভাগ মণ্ডলৰ ৮ খন প্ৰাথমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংঙ্গীন উন্নয়নৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি বাৰে-ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাৰ বাবে খেল-ধেমালীৰ অনুষ্ঠান কৰা হয় । সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে মহেন্দ্ৰ হালৈয়ে।ইয়াৰ পিছতে ছাত্র-ছাত্ৰীৰ সৰ্বাংঙ্গীন উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।ইয়াত উপস্থিত থাকে ২নং পূব বনভাগ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নৱ কুমাৰ দাস,১নং বৰাজোল প্ৰাঃবিদ্যালয়ৰ শিক্ষক দিলীপ নাথ, সমূহ শিক্ষকবৃন্দৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে।ইয়াৰ অন্তত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়।অৱসৰপ্ৰাপ্ত শিক্ষক কুশল বড়োয়ে সভাপতিত্ব কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নলবাৰী সমগ্ৰ আঁচনি অভিযানৰ নলবাৰীৰ জিলাৰ আঁচনি বিষয়া প্ৰফুল্ল কলিতাই অংশগ্ৰহণ কৰি বিদ্যালয়ৰ সৈতে সমাজক জড়িত কৰাৰ বাবে ই এটা প্ৰয়াস বুলি সদৰি কৰে।তেওঁ লগতে সমাজখনে শিক্ষানুষ্ঠাখনসমূহক নিজৰ ঘৰ দৰে ভাবি লৈ যত্ন কৰাৰ লগতে সহাযোগ কৰিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰে।অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক সুনীল বড়োয়ে।
- Log in to post comments
- 85 views