বৰপেটাৰোডৰ চেন্ট মেৰিজ স্কুলৰ ভাৰত স্কাউট এণ্ড গাইডৰ কেডেটক ৰাজ্যপালৰ ৰাজ্য পুৰস্কাৰ প্ৰদান

Pic

#বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটাৰোডৰ চেন্ট মেৰিজ স্কুলৰ ভাৰত স্কাউট এণ্ড গাইডৰ ২১জন কেডেটে ৰাজ্যপালৰ পৰা ৰাজ্য পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৷ যোৱা ২০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এটা অনুষ্ঠানত তেওঁলোকক এই পুৰস্কাৰ প্ৰদান কৰা হয়৷ এই পুৰস্কাৰ লাভ কৰা ২১ জনৰ ভিতৰত ৮ জন স্কাউট আৰু ১১ গৰাকী গাইড আছে ৷ স্কুলখনৰ স্কাউট মাষ্টাৰ দীনেশ টুডু আৰু গাইড কেপ্তেইন ছবিনা ডেকাৰ তত্বাৱধনাত এই পুৰস্কাৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে ৷

Pic

পুৰস্কাৰ লাভ কৰাসকল হৈছে--স্কাউটত প্ৰীয়ানকুশ কাশ্যপ, মাচুদ আহমেদ, জ্যোতিস্মান দাস, সিদ্ধাৰ্থ কাকতি, দেৱাশিস লুইটেল, তুষাৰ ৰামছিয়াৰী, সুদীপ নাথ মজুমদাৰ আৰু স্বৰূপ সাহা ৷ গাইড শাখাত কৰীণা বসুমতাৰী, প্ৰনীষা কাশ্যপ, প্ৰীতিষা কাশ্যপ, মনালী ৰয়, স্বাগতা বায়ন , ইফতা মিৰ্জা, শিখা বড়ো, স্বৰ্ণজলী নাৰ্জাৰী, কৃষা দাস, স্নেহা মজুমদাৰ আৰু ছেমিনা চুলতানা হাছান ৷

Your Comments