শীঘ্ৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী:বঙাইগাঁৱত 'আক্ৰাছু'ৰ মটৰ চাইকেল সমদল

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজ্য চৰকাৰে ঘোষণা কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন অতি শীঘ্ৰে গঠন কৰাৰ দাবীত ২৩ ফেব্ৰুৱাৰীত বঙাইগাঁও জিলা আক্ৰাছুৱে এটা মটৰ চাইকেল সমদল উলিয়ায় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত 'আক্ৰাছু'ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই মটৰ চাইকেল সমদলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে ৷ মটৰ চাইকেল সমদলকাৰীসকলে বিভিন্ন প্লে'কাৰ্ড লৈ  কেএচিৰ তালিকা শীঘ্ৰে প্ৰকাশ কৰক , গোকুল বৰ্মন জিন্দাবাদ , কেএচি শীঘ্ৰে গঠন কৰক , গোকুল বৰ্মনক কেএচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে লাগিবই, গকুল বৰ্মন বিৰোধী হুচিয়াৰ, কেএচিত ষড়যন্ত্ৰ নচলিব , কেএচি ৱেলকাম , আক্ৰাছু বিৰোধী হুচিয়াৰ , এছ টি আমাক লাগিবই , ন' এছ টি ন' ৰেষ্ট , কমতাপুৰ আমাৰ নাৰ্য দাবী আদি শ্লোগান দি বঙাইগাঁও চহৰৰ মাজেৰে চাপাগুৰিলৈ গৈ পুনৰ উভতি আহি গান্ধী ময়দানত উপস্থিত হয় ৷ ইয়াতো বিভিন্ন শ্লোগান দি পিচত জিলা আক্ৰাছু কাৰ্যালয়লৈ উভতি যায় আৰু মটৰ চাইকেল সমদল কাৰ্যসূচীৰ সামৰণি মাৰে ৷

ইপিনে, এই মটৰ চাইকেল সমদল কাৰ্যসূচী সন্দৰ্ভত জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে সংবাদ মাধ্যমৰ আগত কয় যে আক্ৰাছুৱেই একমাত্ৰ জনজাতিকৰণ,কমতাপুৰ তথা কোচ ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত আন্দোলন কৰি আহিছে ৷ গতিকে,যিহেতু আক্ৰাছুয়ে মূল ইছ্যুটোক লৈ আন্দোলন কৰি আছোঁঁ ,সেয়ে কেএচিৰ মুখ্য পদটো আমাৰ আক্ৰাছুৰ পৰাই হ'ব লাগে ৷ এই দাবীতে আজি আমি সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত বিভিন্ন আঞ্চলিকক লৈ শান্তিপূৰ্ণভাৱে মটৰ চাইকেল সমদল কাৰ্যসূচী ৰূপায়ণ কৰিলো ৷ আমি চৰকাৰক এইটোৱে দাবী কৰিছোঁঁ যাতে অতি শীঘ্ৰে কেএচিখন ঘোষণা কৰে ৷ আক্ৰাছু বিৰোধীসকল হুচিয়াৰ শ্লোগান দিয়া সন্দৰ্ভত জিলা সভাপতিগৰাকীয়ে কয় যে আক্ৰাছুৱেই একমাত্ৰ আন্দোলন কৰিছোঁঁ যদিও আন সংগঠনক আন্দোলন কৰি থকা দেখা নাই ৷ কিন্তু আক্ৰাছুৰ ভূমিকাক কিয় বিধি পথালি দি আছে সেইটো নাজানো ৷ ইমান দিনে যে ক্ষমতাৰ বাবেই জ্যোষ্ঠসকলে আন্দোলন কৰি আহিছিল সেয়া এতিয়া স্পষ্ট হৈ পৰিল ৷ ইপিনে,কেএচি আইন মতে পৰিষদীয় এলেকাৰ ভিতৰৰ ব্যক্তিসকলেহে সা-সুবিধা লাভ কৰাৰ লগতে পৰিষদীয় এলেকাৰ ভিতৰৰ ব্যক্তিকলৈহে পৰিষদখন গঠন কৰিব লাগে বুলি উল্লেখ থকাৰ পিচতো পৰিষদীয় এলেকাৰ বাহিৰৰ ব্যক্তিক লৈ গঠনৰ দাবী কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত জিলা আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰে যদি বিচাৰিছে তেতিয়াহলে আমাৰ আপত্তি কৰিবলগীয়া কি আছে ? আক্ৰাছুৱে একমাত্ৰ আন্দোলন কৰি আছো আৰু এই আন্দোলনৰ মুখ্য ভূমিকাত আছিল আক্ৰাছুৰ সাধাৰণ গোকুল বৰ্মন আৰু সাধাৰণ সম্পাদকগৰাকীয়ে এই বিষয়টো প্ৰথমৰ পৰা লৈ যোৱাত চৰকাৰৰ লগত আলোচনা হয় বুলি কয় ৷ তাৰ পিচত কেএচি ঘোষণা কৰাৰ পিচতে বিভিন্ন সংগঠনৰ জন্ম হ'ল আৰু তেওঁলোকে বিধি পথালি দি আছে ৷ জিলা সভাপতিগৰাকীয়ে পৰিষদীয় এলেকাৰ বাহিৰৰ ব্যক্তিক লৈ পৰিষদখন গঠন কৰিলে আইনখন  উলংঘা কৰা নহ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

আনহাতে, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী চৰকাৰে কয় যে বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলৰ লগতে মৰাণ আৰু মটকসকলৰ বাবে স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিব বুলি ঘোষণা কৰিছিল আৰু ইতিমধ্যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ বাহিৰে আন দুখন স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈ গ'ল ৷ কোচ ৰাজবংশীসকলক বাৰে বাৰে কিয় প্ৰতাৰণা কৰি আহিছে আমি নাজানো ৷ সেয়ে আমি চৰকাৰক অতি শীঘ্ৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন গঠন কৰাৰ দাবী জনাইছো ৷

উল্লেখ্য যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন পৰিষদীয় এলেকাৰ ভিতৰৰ ব্যক্তিক লৈ গঠনৰ বাবে জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনে দাবী জনাই আহিছে আৰু এই বিষয়টোক লৈ এতিয়া জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ 


 

Your Comments