বৰদুৱাৰ বাগানত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

Pic

#নুৰুল ইছলাম,চানডুবিঃ

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত অলপতে এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ ৰ’টাৰী ক্লাব,গুৱাহাটী লুইতৰ উদ্যোগত তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি( চানডুবি পৰিষদীয় সমষ্টি)সহযোগত অসম মাতৃ মজলীয়া বিদ্যালয়ত উক্ত শিবিৰ অনুষ্ঠিত কৰা হয় ৷ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা উক্ত শিবিৰত চাৰিগৰাকীকৈ বিশিষ্ট চিকিৎসক উপস্থিত থাকি সেৱা আগবঢ়ায় ৷ ইফালে, উক্ত শিবিৰৰ জৰিয়তে কেটৰেক্ট ৰোগীসকলক চিনাক্ত কৰি বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। চকু পৰীক্ষা শিবিৰটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সিদ্ধাৰ্থ ৰাভা,চাহজাহান আলী,প্ৰফুল্ল কুমাৰ ৰাভা তথা মহেশ ৰাভাকে ধৰি কৰ্মকৰ্তাসকলে পৰিচালনা কৰে ৷

Your Comments