#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ২৩ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়-"এসপ্তাহৰ ভিতৰত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা,ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন।" সাংসদগৰাকীয়ে মঙলবাৰে নিজ জন্মভূমি নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ দেহাৰকুছি গাঁও পঞ্চায়ত পূৰ্ণকামদেৱত অনুষ্ঠিত হোৱা পথৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
সাংসদগৰাকীয়ে নলবাৰী বিধায়ক অশোক শৰ্মা,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগ,অসম উত্তৰণ প্ৰকল্পৰ ২০২০-২০২১ বৰ্ষৰ অধীনত প্ৰায় ১০ কোটি ব্যয়ৰে পূৰ্ণকামদেৱৰ পৰা লৰমা হৈ দেহাৰকুছি আৰু নামখালাৰ পৰা বৰখালা হৈ জি.বি.বি পথলৈ সংযোগী পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে।
বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত সাংসদগৰাকীয়ে নিজ ভাষণত কয় যে বিজেপি চৰকাৰ শাসনত অহাৰ পিছৰে পৰা এই চৰকাৰখনে ৰাস্তা-ঘাটৰ উন্নতিকৰণৰ দ্বাৰা যোগাযোগ ব্যৱস্থা সুচল কৰি দেশৰ প্ৰতিটো অঞ্চলৰ উন্নতি সাধনত বিশেষভাৱে গুৰুত্ব অৰ্পণ কৰিছে। অনুষ্ঠানটোত উপস্থিত থাকি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ভাষণত কংগ্ৰেছে বিগত শাসন কালত উন্নয়নৰ বিপৰীতে আধাৰশিলাৰ ৰাজনীতি কৰিছিল বুলি মন্তব্য কৰে।বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ বাবে পুনৰ অসমত বিজেপি চৰকাৰৰ হোৱাৰ লগতে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।
অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ভাষণত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূূহে ৰাইজক উপকৃত কৰি আহিছে বুলি মন্তব্য কৰে।অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সভাপতি মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ভালেকেইজন স্থানীয় জ্যেষ্ঠ শিক্ষককে আদি কৰি দল তথা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
ইয়াৰ পিছতে সাংসদগৰাকীয়ে তেওঁৰ নিজ গাঁও পূৰ্ণকামদেৱত পৰিয়াল সম্পৰ্ক অভিযানৰ শুভাৰম্ভণি কৰে।
- Log in to post comments
- 64 views