বঙাইগাঁৱত কমৰেড ৰাখাল দাসগুপ্তৰ স্মৃতি দিৱস অনুষ্ঠিত

Pic

*ৰাখাল দাসগুপ্ত মাথোঁঁ এজন ব্যক্তি নাছিল, তেওঁ আছিল এটা আদৰ্শ-আশীষ বিশ্বাস*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

"ৰাখাল দাসগুপ্ত মাথোঁঁ এজন ব্যক্তি নাছিল ৷ তেখেত আছিল এটা আদৰ্শ ৷ ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাসত এটা মাইলৰ খুঁটি,যাৰ অবিহনে ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ নহয় ৷ ৮৮ বছৰীয়া জীৱনকালত তেখেতে ভাৰতীয় ৰে'লৰ ট্ৰেড ইউনিয়নক দিকদৰ্শন কৰাৰ লগতে ৰে'ল ইউনিয়নক এক মজবুত স্থিতিলৈ লৈ গৈছিল।"এই ভাষ্য উত্তৰ-পূব ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ।২১ ফেব্ৰুৱাৰীত উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ'ৰামে বঙাইগাঁৱৰ প্ৰিয় গুপ্ত মেমোৰিয়েল হলত আয়োজন কৰা  শ্ৰমিক নেতাগৰাকীৰ 'স্মৃতি দিৱস'ৰ সভাত ভাষণ প্ৰদান কৰি এইদৰে মন্তব্য কৰে বিশ্বাাসে ৷ তেওঁ আজিৰ যুৱ প্ৰজন্মক ৰাখাল দাসগুপ্তৰ আদৰ্শৰ পথেৰে বাট বুলিবলৈ আহ্বান জনায়।

স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভাপতি দ্বীপেন বৰাৰ দ্বাৰা ৷ ইয়াৰ পিছতে প্ৰস্তাৱিত ৰাখাল দাসগুপ্ত মেমোৰিয়েল সংগ্ৰহালয় তথা পুথিভঁৰালৰ আনুষ্ঠানিক উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰঙিয়া সংমণ্ডলৰ উপ -মাণ্ডলিক প্ৰৱন্ধক অৰিন্দম লাইয়ে ৷ ইয়াৰ পিছতেই ৰাখাল দাসগুপ্ত মেমোৰিয়েল প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মনে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ'ৰামৰ সভাপতি ডঃপি কে ধৰে।সভাত অৰিন্দম লাই, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা(O&F) বিমল টপ্পো, নিউ বঙাইগাঁও ৰে'লৱে চিকিৎসালয়ৰ সহ মুখ্য চিকিৎসা বিষয়া অজয় ৰায়, ৰমণী বৰ্মন,অধিবক্তা জয়শ্ৰী বৰুৱা, মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা চুচেন হাজৰিকা, এমপ্লইজ ইউনিয়নৰ কেন্দ্ৰীয় নেতা প্ৰমোদ কুমাৰ ৰস্তোগী আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ'ৰামৰ সম্পাদক ডঃ তৰুণ কুমাৰ বাহাদুৰে ৷

Pic

অনুষ্ঠানত 'শ্ৰদ্ধাজ্ঞলী’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰে ৰমণী বৰ্মনে ৷ শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি ঘটায় ডঃ ভৱানী প্ৰসাদ শৰ্মাই ৷

 

Your Comments