বিশেষ প্ৰতিবেদক,হাজো,১৯ ফেব্ৰুৱাৰীঃ
তীৰ্থনগৰী হাজোত শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহাসিক ধোপৰগুৰি সত্ৰত দুজনকৈ সত্ৰাধিকাৰ নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।উল্লেখ্য যে পূৰ্বৰ সত্ৰাধিকাৰ যোগেন মহন্তৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুদুল মহন্তই সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব লৈছিল যদিও তেওঁৰো জটিল ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ঘটাত দীৰ্ঘদিন ধৰি সত্ৰাধিকাৰ অবিহনে সত্ৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰি আছিল।এই উদ্দেশ্যে আজি সত্ৰৰ স্থায়ী সভাঘৰ প্ৰাঙ্গনত সত্ৰৰ 'খচৰা' সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়।
সত্ৰ পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক নৃপেন কলিতাই উদ্দেশ্য বাখ্যা কৰে। সভাত সত্ৰ পৰিচালনা সমিতিয়ে প্ৰস্তুত কৰা খচৰা সন্দৰ্ভত আঁতি -গুৰি মাৰি আলোচনা কৰা হয়। সভাত সত্ৰৰ চাৰিসীমা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে খালি হৈ থকা সত্ৰৰ নতুন সত্ৰাধিকাৰ নিযুক্তি সন্দৰ্ভতো আলোচনা কৰা হয়।
স্থানীয় শতাধিক ভকত-বৈষ্ণৱৰ লগতে ধোপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ সুৰেণ মহন্ত,পুৰাণ বুৰ্কা সত্ৰৰ উপ-সভাপতি ৰামচৰণ কলিতা, সম্পাদক উমেশ কলিতা,বৰদধি সত্ৰৰ ডিম্বেশ্বৰ মহন্ত,শুৱালকুছি ডেকা বাপু সত্ৰৰ সত্ৰাধিকাৰ কামদেৱ মহন্ত, ৰঞ্জিত মহন্ত, গোপাল বৈশ্য,হৰি বৈশ্য,ধোপৰগুৰি সত্ৰৰ সম্পাদক নৃপেন কলিতা, হাজো ৰাইজৰ সমিতিৰ সভাপতি গোলক চন্দ্ৰ ওজা, সম্পাদক গৌতম শইকীয়া, নৃপেন চন্দ্ৰ মালাকৰ, ডাঃ ভূপেন্দ্ৰ নাথ ৰাজবংশী,ডাঃ বিপুল মেধি, অৱসৰী শিক্ষক দীনেশ চন্দ্ৰ দাস,বাবুল মজুমদাৰ,বিপুল মহন্তৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাতে সৰ্বসন্মতিক্ৰমে ধোপৰগুৰি সত্ৰত দুজন সত্ৰাধিকাৰ নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইয়াৰ ভিতৰত এজন বুঢ়া সত্ৰাধিকাৰ আৰু এজন ডেকা সত্ৰাধিকাৰ।পূৰ্বতে এজন সত্ৰাধিকাৰে সত্ৰখন পৰিচালনা কৰি আছিল।
- Log in to post comments
- 61 views