বিশেষ প্ৰতিবেদক,হাজো:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ থলুৱা উদ্যোগ বিকাশ আঁঁচনিৰ অধীনত ৩০ জানুৱাৰীত হাজোৰ কুমাৰপাৰাত 'কুমাৰ মৃৎ শিল্পৰ' উদ্যোগৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই।কুমাৰজ্যোতি কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ সৌজন্যত,উত্তৰ কামৰূপ জিলা কুমাৰ সন্মিলনৰ সহযোগত তথা উত্তৰ কামৰূপ জিলা কুমাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি পৰেশ চন্দ্ৰ দাসৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত 'কুমাৰ মৃৎ-শিল্প'ৰ আধাৰশিলা স্থাপন কৰি বিধায়িকা হৰিপ্ৰিয়াই ভাষন প্ৰসংগত কয়,মৃৎশিল্পীৰ হাতৰ পৰশত সৃষ্টি হোৱা বাচনৰ মান অতি আদৰণীয়। গোৱালপাৰাৰ মৃৎশিল্প সম্প্ৰতি অতি উন্নতমানৰ হৈছে। তেনে সময়ত হাজোৰ মৃৎশিল্প বহু পিছ পৰি আছে।তেনে প্ৰসংগতে বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজোৰ মৃৎশিল্পৰ প্ৰসাৰ সাধন কৰিবলৈ আহবান জনায়।তেওঁ অদূৰ ভৱিষ্যতে ৰাজ্যখনৰ চৌদিশে হাজোত উৎপাদিত মাটিৰ পাত্ৰ যোগানে এক পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
উত্তৰ কামৰূপ জিলা কুমাৰ সন্মিলনৰ সাধাৰণ সম্পাদক মহিম কুমাৰ দাসে আঁঁত ধৰা সভাত বিধায়িকা হৰিপ্ৰিয়াই পুনৰ কয়,সম্প্ৰতি এলুমিনীয়ামৰ বাচন-বৰ্তন ব্যৱহাৰৰ ফলত মানুহ ভয়াৱহ কৰ্কট ৰোগত আক্ৰান্ত হ'ব লগীয়া হৈছে।গতিকে,আমি সকলোৱে থলুৱা ভাৱে নিৰ্মিত মাটিৰ বাচন-বৰ্তন ব্যৱহাৰ কৰি এলুমিনীয়ামৰ বাচন-বৰ্তন পৰিহাৰ কৰাৰ সংকল্প লোৱা উচিত।
ওদালগুৰি জিলা কুমাৰ সন্মিলনৰ সভাপতি তথা ভূমি দাতা শৰৎ দাস, কুমাৰজ্যোতি কো-অপাৰেটিভ চোচাইটিৰ সভাপতি বতহুৰাম কুমাৰ, হাজো ৰাইজ সমিতিৰ সভাপতি-সম্পাদক গোলোক ওজা আৰু গৌতম শইকীয়া, উদ্যোগ বিভাগৰ প্ৰাক্তন প্ৰধান পৰিচালক গৌতম কুমাৰ দাস, বসন্ত কুমাৰ, পঞ্চায়ত সভানেত্ৰী টুটুমনি দাস, 'আছু' নেতা নৱজ্যোতি দাসৰ উপস্থিতিত কুমাৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ বসন্ত কুমাৰে ভাষন প্ৰসংগত কয়, আমাৰ ৰাজ্যৰ বাহিৰত কলকাতাকে ধৰি বিভিন্ন ৰাজ্যত বিজুলী বাতিৰ সহায়ত মৃৎশিল্পীসকলে অতি চমকপ্ৰদ মাটিৰ বাচন-বৰ্তন সজাই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।কিন্তু আমাৰ ৰাজ্যত বিজুলী বাতিৰ সহায়ত মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰিবলৈ তেনে প্ৰযুক্তি বৰ্তমানেও সম্ভৱ হৈ উঠা নাই। অৱশ্যে, অসমতো তেনে প্ৰযুক্তিৰ ব্যৱহাৰৰ যত্ন কৰি থকা হৈছে। তেনে সময়ত হাজোৰ কুমাৰপাৰাত আধাৰশিলা স্থাপন হোৱা মৃৎশিল্প উদ্যোগটোৱেও অদূৰ ভৱিষ্যতে কুমাৰ শিল্পীসকললৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াব।
- Log in to post comments
- 11 views