
এটা ভাল খবৰেৰে নতুন বছৰৰ আৰম্ভণি হৈছে । ফাইজাৰৰ ভেকচিনক পৃথিৱীৰ প্ৰথম জৰুৰীকালীন ব্যৱহাৰৰ অনুমতিপত্ৰ দিলে বিশ্ব স্বাস্থ্য সংস্থাই। অৰ্থাৎ তৃতীয় বিশ্বৰ দুখীয়া দেশসমূহেও শীঘ্ৰে লাভ কৰিব পাৰিব কোৰোণাৰ ভেক্চিন।
যিকোনো দেশত কোনো ভেক্চিনৰ অনুমতি পত্ৰ দিয়ে সেই দেশৰ “নিয়ামক সংস্থা”ই। কিন্তু দুখীয়া তথা দুৰ্বল আন্তঃগাঁথনিৰ দেশসমূহৰ অধিকাংশই নিৰ্ভৰ কৰে বিশ্ব স্বাস্থ্য সংস্থাই কৰা অনুমোদনৰ ওপৰত।
বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বৃহস্পতিবাৰে নিশা জনোৱা হৈছে যে “ফাইজাৰ–এনবায়’টেকৰ ভেক্চিন” নিৰাপত্তা আৰু কাৰ্যকাৰীতাৰ ক্ষেত্ৰত WHOৰ মানত সফলকাম হৈছে ৷
- Log in to post comments
- 12 views