তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ২৪নং আই আৰ বি এন জোৱানক এগৰাকী মহিলাই কটাৰীৰে হাতত কটা ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ অনুৰূপ ঘটনা ঘটে তামুলপুৰ আৰক্ষী থানাত ।
তামুলপুৰৰ গেৰুৱাৰ অভিযুক্ত খাইৰুল আলীয়ে এখন দাৰে খেদি আহি আক্ৰমণ কৰে আৰক্ষী সহপৰিদৰ্শক আলচান আলী আৰু চিপাহী অমিত দত্তক ।
পূৰ্বেৰে অভিযুক্ত তথা গোচৰ নং ৩৪/১৮, ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৫/৩৪ ধাৰাত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে আৰক্ষীৰ দলটো উপস্থিত হৈছিল খাইৰুল আলীৰ বাসগৃহত ।
কিন্তু তাৎক্ষণিকভাৱে খাইৰুলে ঘৰৰ ভিতৰৰ পৰা দা এখন আনি দাখনৰ গদীৰে সহপৰিদৰ্শক আলচান আলীক প্ৰহাৰ কৰে । আলচান আলীক প্ৰহাৰ কৰা দেখি আৰক্ষী জোৱান অমিত দত্ত আগবাঢ়ি যোৱাত তেওঁও আঘাতপ্ৰাপ্ত হয় ।
শেষত তামুলপুৰ আৰক্ষীয়ে খাইৰুলক গ্ৰেপ্তাৰ কৰি তামুলপুৰ থানাত জেৰা অব্যাহত ৰাখিছে ।
- Log in to post comments
- 3 views