ৰঙিয়া মহাবিদ্যালয়ত এবছুৰ উদ্যোগত সতীৰ্থ সন্মিলন

ৰঙিয়া মহাবিদ্যালয়ত এবছুৰ উদ্যোগত সতীৰ্থ সন্মিলন

নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰঙিয়া মহাবিদ্যালয় গোটৰ উদ্যোগত আজি ঐতিহ্য মণ্ডিত ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয় ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন তথা আদৰণী অনুষ্ঠান ।

এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ এবছু গোটৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৱে পতাকা উত্তোলন কৰাৰ পিছতে সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় । 
ৰমেশ চন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভবেন চন্দ্ৰ লহকৰে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশ সম্পৰ্কত বক্তব্য প্ৰদান কৰে।

ৰঙিয়া মহাবিদ্যালয়ত এবছুৰ উদ্যোগত সতীৰ্থ সন্মিলন

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সমুদ্ৰ গুপ্ত কাশ্যপে ছাত্ৰ-ছাত্ৰীসকলক ইতিবাচক চিন্তাৰে আগবঢ়াৰ লগতে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় ।

লগতে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ কথাও কয় । বৰ্তমান সময় প্ৰতিযোগিতাৰ সময়, প্ৰতিযোগিতাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাৰ জৰিয়তে আগবাঢ়ি যোৱাৰ বাবেও তেওঁ আহ্বান জনায় ।

ৰঙিয়া মহাবিদ্যালয়ত এবছুৰ উদ্যোগত সতীৰ্থ সন্মিলন

হিমা দাসে যেনেকৈ এখন সৰু গাঁৱৰ পৰা গৈ নিজৰ চেষ্টাৰ ফলত বিশ্বত নিজৰ নাম জিলিকাবলৈ সক্ষম হ'ল, বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলকো প্ৰতিযোগিতাৰ মাধ্যমেৰে আগবাঢ়ি যোৱাৰ বাবে তেখেতে আহ্বান জনায় । 

মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰংগিনা বৰগয়াৰীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সংগ্ৰামৰ লগতে শিক্ষা গ্ৰহণত অধিক মনোনিবেশ কৰাৰ বাবে আহ্বান জনায় ৷

লগতে জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত দায়বদ্ধ হ'বলৈও আহ্বান জনায় । মুকলি সভাৰ পিছত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ।

Your Comments