বৰপেটাত উৎকোচ দিবলৈ আহি হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদ 

Barpeta

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ গৈ কনিষ্ঠ অভিযন্তা গ্ৰেপ্তাৰ। বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক জিলা উপায়ুক্তৰ কাৰ্যালয়ত উৎকোচ দিবলৈ গৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদে ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এই ঘটনা সন্দৰ্ভত লগে লগে বৰপেটা থানাক অৱগত কৰে ৷ বৰপেটা আৰক্ষীয়ে নব্বৈ হাজাৰ টকাসহ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদক আটক কৰি বৰপেটা থানালৈ লৈ আহে ৷ জানিব পৰা মতে কনিষ্ঠ অভিযন্তাগৰাকীয়ে ৯০ হাজাৰ টকা উৎকোচ দিবলৈ গৈছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক ৷ আৰক্ষীয়ে ঘটনা তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত বিয়াগোম অনাময় শৌচালয় কেলেংকাৰীৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে ৷ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশমৰ্মে কেলেংকাৰীৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷ কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ ভয়ত তদন্তকাৰী বিষয়াক মেনেজ কৰাৰ চেষ্টা চলাইছিল কনিষ্ঠ অভিযন্তাগৰাকীয়ে ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত নাছিৰুদ্দিনক জেৰা কৰি থকা হৈছে।         

Your Comments