শিমলুগুৰি চিকিৎসালয়ত ৰোগীৰ আত্মীয়-চিকিৎসকৰ মাজত বাক্‌যুদ্ধ : আৰক্ষীক গোচৰ

শিমলুগুৰি চিকিৎসালয়ত ৰোগীৰ আত্মীয়-চিকিৎসকৰ মাজত তীব্র বাকযুদ্ধ : আৰক্ষীক গোচৰ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰি সাহায্যকাৰী চিকিৎসালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰামতে, আজি পুৱা ১০মান বজাত দিব্যজ্যোতি দাস নামৰ এজন স্থানীয় যুৱকে নিজ মাতৃৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আনে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে দুগৰাকী চিকিৎসক থকা উক্ত চিকিৎসালয়খনত সেই সময়ত এজনো চিকিৎসক উপস্থিত নাছিল । এই কাৰ্যত ক্ষুদ্ধ হৈ যুৱকজনে চিকিৎসালয় চৌহদৰ ভিতৰতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ।

চিকিৎসালয়খনত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত জানিব পাৰি ভাৰপ্ৰাপ্ত বিষয়া ডাঃ এলিনা তালুকদাৰ দিনৰ ১১.৩০ বজাত আহি চিকিৎসালয়খনত উপস্থিত হৈ উক্ত যুৱকজনৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হয় ।

এই ঘটনাৰ পিছতে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ এলিনা তালুকদাৰে স্থানীয় দিব্যজ্যোতি দাস নামৰ যুৱকজনৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষীচকীত এখন এজাহাৰ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনক সোধপোছৰ বাবে আৰক্ষীচকীলৈ মাতি নিয়ে ।

উল্লেখ্য যে ভিতৰুৱা অঞ্চলটোৰ একমাত্ৰ চিকিৎসাযলয়খনত ডাঃ এলিনা তালুকদাৰ আৰু ডাঃ মানস বৰা নামৰ দুগৰাকী চিকিৎসক আছে যদিও তেওঁলোকৰ সেৰেঙা উপস্থিতিৰ বাবে ৰাইজে বিশেষ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসালয়খনৰ পৰা ।

ভাৰপ্ৰাপ্ত চিকিৎসক এলিনা তালুকদাৰ চিকিৎসালয়খনত প্ৰায়েই অনুপস্থিত থাকে বুলি স্থানীয় ৰাইজে অভিযোগ উথ্বাপন কৰি আহিছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই ।

আনহাতে, চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ এলিনা তালুকদাৰৰ সৈতে যোগাযোগ কৰাত টেলিফোনিক বাৰ্তালাপত তেওঁ এইকেইদিন ছুটীত থকাৰ কথা অৱগত কৰে ।

এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ বিয়গোম চিকিৎসা বিভাগত আমূল পৰিৱৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালি মাৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কিবা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবনে ?

Your Comments