নগাঁৱত ৩টাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

নগাঁৱত ৩টাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

'প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা ভাৰতৰ স্বনামধন্য প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শিতাৰ উৎকৃষ্ট ফচল ৷' -এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ডেকাৰ ।

আজি জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত নগাঁও-বাৰপূজীয়া সংযোগী পথৰ পৰা পশ্চিম গোঁসাইবড়ি, খালৈগাঁও, দলংঘাটৰ পৰা বৰহোলোং আৰু ধিং পথৰ পৰা উত্তৰ ৰাইদঙীয়া ২নং সংযোগী পথ তিনিটাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই ।

২.৯১ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগা পথ তিনিটাৰ কামৰ শুভাৰম্ভণি কৰি বিধায়িকাগৰাকীয়ে নিজৰ ভাষণত কয় যে কামৰ উৎকৃষ্টতা অনুসৰি নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰসকলে পুৰস্কাৰ লাভ কৰিব আৰু উন্নতমানৰ কাম সম্পন্ন নকৰা ঠিকাদাৰে ৰাজহুৱা শাস্তিৰ সন্মুখীন হোবাৰ সম্ভাৱনা আছে ।

নিৰ্মাণকাৰ্য চোবাচিতাৰ বাবে বিষয়াসকলৰ উপৰি স্হানীয় ৰাইজক এই দাযিত্ব অৰ্পণ কৰা হৈছে বুলিও বিধায়িকাগৰাকীয়ে উল্লেখ কৰে । পথ নিৰ্মাণৰ আধাৰশিলা অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অজিত মেধি, কনিষ্ঠ অভিযন্তা অসীম নাথ, অগপ নেতা লাচিত বৰদলৈ, বিজেপিৰ কৰ্মী ৰীতা ভূ্ঞা প্ৰমুখ্যে নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্হিত থাকে ।

Your Comments