নগাঁৱৰ আমনিত সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত ছয়জন অভিযুক্তক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীয়ে ইতিমধ্যে হোজাইৰ ৰামপুৰবস্তিৰ পৰা ৰাজেশ ধৰ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এই ধৰ্ষণকাণ্ডৰ লগত জড়িত আন পাঁচজন অভিযুক্তক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আজি আৰু কালি নিশা আৰক্ষীৰ এটা বৃহৎ দলে তেজপুৰৰ বিভিন্ন স্থানত অভিযান চলাই ক্ৰমে মইনুল হুছেইন, ছফিকুল ইছলাম, ৰমজান আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে পুৱা চামগুৰিৰ আমনিত অভিযান চলাই হাবিছ ভূঞা আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰে ।
অভিযানকালত আৰক্ষীয়ে ধৃত অভিযুক্তকেইজনৰ পৰা মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা এটা মোৱাইল ফোনৰ লগতে দলটোৱে ধৰ্ষণকাণ্ডত ৱ্যৱহাৰ কৰা এছ এছ-০১ বি এন-৬৯৯৪ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে ২৮ আগষ্টৰ নিশা ডোবালপিটা বৰষুণৰ মাজতেই সংঘটিত হোৱা উক্ত ৰাজ্য কঁপোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ আন এক অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে । ধৰ্ষণকাণ্ডৰ লগত জড়িত বাকী সদস্যসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি নগাঁৱৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
- Log in to post comments
- 16 views