চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কৃষক জাগৰণ ঘটিছে । কৃষিকৰ্মৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আদৰ্শ কৃষকসকলৰ লগত চৰাইদেউ জিলাৰ কৃষকসকলক সংযোগ কৰাৰ লগতে কৃষকসকলৰ লগত কেনেদৰে বজাৰ সংযোগ কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰি তাক আলোচনা কৰিবৰ বাবে আজি কৃষক বন্ধু গোটৰ সভা এখন অনুষ্ঠিত হয় ।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাখন কৃষক বন্ধুৰ অধ্যক্ষ মাণিক চন্দ্ৰ শৰ্মা বৰদলৈয়ে পৰিচালনা কৰে ।
চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে উদ্বোধন কৰা অনুষ্ঠানটোত বহুকেইজন আদৰ্শ কৃষকে নিজৰ নিজৰ অভিমত প্ৰকাশ কৰি কেনেদৰে খেতি কৰি স্বাৱলম্বী হ'ব পাৰি তাৰে এক নিদৰ্শন দাঙি ধৰে ।
- Log in to post comments
- 57 views