মাজুলী জিলাখনৰ মেৰুদণ্ড স্বৰূপ গড়কাপ্তানী পথ গড়মূৰ-জেংৰাই পথ মেৰামতিৰ নামত যোৱা এমাহ ধৰি কাম বন্ধ ৰাখি এক ল'ৰা ধেমালি কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে ।
উল্লেখ্য যে পথটোৰ বিধ্বস্ত অৱস্হাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠনৰ ধাৰাবাহিক আন্দোলন তথা স্হানীয় মাজুলীবাসীয়ে জনোৱা দাবীৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ গড়কাপ্তানী বিভাগে পথটোৰ মেৰামতিৰ বাবদ ৪ কোটি ৬২ লাখ টকাৰ আবণ্টন দি মাজুলীৰ দত্ত উপাধিৰ ঠিকাদাৰক দায়িত্ব ন্যস্ত কৰে ।
আঁচনিৰ প্ৰাক্কলনমতে শিল-বালিৰে খলা-বমা গাঁত পুতি 'কাৰ্পেটিং পিট্ছ'সহ পুনৰ মেৰামতিৰ ব্যৱস্হা কৰিব লাগে যদিও গাঁতবোৰ পুতিবলৈ যাওঁতে প্ৰয়োজনীয় গ্ৰেভেলবোৰ পদ্ধতিগতভাৱে নিদিয়া, শক্তিশালীভাৱে টাইড নকৰা, ঠিকমতে ৰোলাৰ নকৰা, গাঁতবোৰ ঠিক নকৰা, নিম্নমানৰ বালি ব্যৱহাৰ কৰা, দক্ষ শ্ৰমিক নিয়োগ নকৰা আদি অনেক ধৰণৰ অভিযোগ উথাপিত হৈছে ।
বিশেষকৈ সংশ্লিষ্ট গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰগৰাকীয়ে আঁচনি ৰূপায়ণৰ নামত বিভিন্ন আসোঁৱাহ তথা অনিয়ম সংঘটিত কৰি আঁচনিৰ ধন শৰাধ কৰাৰ ষড়যন্ত্র ৰচনা কৰিছে ।
গাঁতবোৰত দিয়া গ্ৰেভেলবোৰ নিৰ্মাণৰ এসপ্তাহৰ পাছতেই উঠি গৈছে । নিম্নমানৰ কাম তথা লেহেমীয়া কাম সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনে ঠিকাদাৰ তথা নিৰ্মাণকাৰী সংস্থালৈ বাৰম্বাৰ চিঠি-পত্ৰ দিয়াৰ পিছতো গা লৰাব পৰা নাই ।
যিসময়ত নিৰ্মাণকাৰ্য চলায় সেইসময়ত মাত্র দুখন ৰোলাৰ, এখন পানী টেংকাৰ গাড়ী আৰু ১০/১২জন শ্ৰমিকেৰে ৪ কোটি ৬২ লাখৰ দৰে অভিলাষী কাম অতি আশ্চৰ্যজনকভাৱে ৰূপায়ণ কৰাটোৱে কামত প্ৰতি ঠিকাদাৰগৰাকীৰ দায়বদ্ধতা কিমান সেয়া সহজে অনুমেয় ।
ইপিনে কি কাৰণত যোৱা এমাহ ধৰি কাম বন্ধ কৰি ৰখা হৈছে সেই লৈ এতিয়া মাজুলীবাসীৰ মাজত সৰৱ চৰ্চা চলি আছে । মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মাই কাম বন্ধ হৈ থকা সন্দৰ্ভত তীব্র অসন্তুষ্টি প্ৰকাশ কৰি গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰে মইমতালি চলাই আছে মন্তব্য কৰে ।
কৃষক মুক্তিৰ মাজুলী জিলা সমিতিৰ সম্পাদক পৱন্ত শইকীয়াই গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ ওপৰত ব্যৱস্হা গ্ৰহণৰ দাবী জনাইছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনীন্দ্ৰ ভূঞাই মাজুলী উন্নয়নৰ নামত গাফিলতি কৰা কাৰ্য কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি হুংকাৰ দিছে ।
টি এম পি কেৰ মাজুলী জিলা সমিতিৰ সভাপতি নৃপেন কামানে বিভাগ তথা ঠিকাদাৰে ৰাইজৰ কাঠগৰাত থিয় হৈ জবাবদিহি হ'ব লাগিব বুলি স্পষ্ট কৰি দিছে । ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্রে আঁচনিৰ কাম পুনৰ আৰম্ভ কৰি কম সময়ৰ ভিতৰত সম্পূর্ণ কৰিবলৈ দাবী জনাইছে সভাপতিগৰাকীয়ে ।
ব্লেক ট্ৰপিঙৰ কাম আৰম্ভ হ'লে গড়মূৰ জেংৰাই পথত যাতায়াত ব্যৱস্হা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হ'ব পাৰে বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে । এই কথা যদি বাস্তৱ হয় তেন্তে পথচাৰী, দুচকীয়া-চাৰিচকীয়া তথা বিভিন্ন পৰ্যায়ৰ গাড়ীৰ মাজত এক অভাৱনীয় পৰিস্হিতি হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে ।
যিহেতু গড়মূৰ-জেংৰাই গড়কাপ্তানী পথৰ বিকল্প উপযুক্ত উপপথৰ অভাৱ । অলপতে মাজুলী ভ্ৰমণলৈ অহা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলী জিলা প্ৰশাসন আৰু গড়কাপ্তানীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ বৰ্তমান চলি থকা আঁচনিৰ কাম অহা ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ নিৰ্দেশকো কেৰেপ কৰা নাই এইগৰাকী দত্ত উপাধিৰ ঠিকাদাৰে ।
ঠিকাদাৰ দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী মন্ত্ৰী তপন কুমাৰ গগৈৰ : কালি এদিনীয়া কাৰ্যসূচী লৈ মাজুলী ভ্ৰমণলৈ অহা ৰাজ্যৰ শক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী তপন কুমাৰ গগৈয়ে ৪ কোটি ৬২ লাখ টকাৰ গড়মূৰ জেংৰাই গড়কাপ্তানী পথৰ মেৰামতি আঁচনিত নিযুক্ত জনৈক দত্ত উপাধিৰ ঠিকাদাৰগৰাকীয়ে অকৰ্তৃত্বশীলভাৱে কাম বন্ধ কৰি ৰখা তথা লেহেমীয়া কৰাৰ অভিযোগত শীঘ্রে কাৰণ দৰ্শোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।
লগতে উক্ত পথত প্ৰায় ৬০ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগা দুইলেনযুক্ত নতুন আঁচনিৰ বাবে শীঘ্রে আঁচনিৰ কাম সম্পূর্ণ কৰাৰ পোষকতা কৰে মন্ত্ৰী গগৈয়ে । উল্লেখ্য যে অহা ডিচেম্বৰৰ পৰা এই নতুন আঁচনিৰ কাম আৰম্ভ কৰি লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ লগত পোনপটীয়া দুইলেনযুক্ত যাতায়াত ব্যৱস্হা সংযোজন কৰাৰ কথা ।
- Log in to post comments
- 10 views