*শীঘ্ৰে মেৰামতিৰ দাবীত ঘগ্ৰাপাৰ খণ্ড উন্নয়ন বিষয়াক 'আছু'ৰ স্মাৰকপত্ৰ*
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলৈয়ে সকলো পঞ্চায়ততে বাট-পথ মেৰামতি কৰাৰ বাবে বিভিন্ন অভিলাষী আঁচনি মুকলি কৰি দিয়াৰ সময়তে একাংশ গাঁও পঞ্চায়তৰ সভাপতি-সচিবে মিলি অতি প্ৰয়োজনীয় পথ নিৰ্মাণৰ বিপৰীতে অপ্ৰয়োজনীয় পথত লাখ লাখ টকা ধাৰ্য কৰি চৰকাৰী ধনৰ হৰলুকী কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। শেহতীয়াভাৱে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ ৯ টা গাঁও পঞ্চায়তসমূহৰ অধিকাংশতে পঞ্চায়তৰ আঁচনিৰ ধন নিম্নমানৰ কাম কৰি আত্মসাৎ কৰাৰ অঘোষিত প্ৰতিযোগিতা চলিছে বুলি অভিযোগ উঠিছে।
ঠিক তেনে সময়তে মঙলবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ অধীনষ্ঠ আকনা শাখা ছাত্র সন্থাই আকনাকে ধৰি বৰাজোল অঞ্চলৰ একাধিক গ্ৰাম্য পথ এজাক বৰষুণতে বোকা-পানীৰে কদৰ্য ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়ন বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে খণ্ড উন্নয়ন বিষয়াগৰাকীক আকনা গাঁৱৰ লগতে বৰাজোল অঞ্চলৰ একাধিক গ্ৰাম্য পথেৰ জৰাজীৰ্ণ ৰূপৰ কথা অৱগত কৰাৰ উপৰিও বৰ্তমানে পঞ্চায়তখনত চলি থকা কামসমুহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনায়।ইফালে, আকনা শাখা ছাত্র সন্থাৰ সভাপতি কুশল পাঠক আৰু সাধাৰণ সম্পাদক ৰেকিনুৰ আহমেদে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ভিঠামহল গাঁৱৰ বাসন্তী মন্দিৰৰ কাষৰ পৰা শইকীয়া চুবুৰী হৈ ভিঠামহল প্ৰাথমিক চিকিৎসালয় সংযোগী পথ,ৰামপুৰ অজাগড় প্ৰাথমিক বিদ্যালয়ৰ কাষৰ পৰা বৰাজোল হাইস্কুল সংযোগী পথ,গোবিন্দ দাসৰ ঘৰৰ কাষৰ পৰা নাৰায়ণ দাসৰ ঘৰ সংযোগী পথ আৰু ৰামপুৰ মছজিদৰ সম্মুখৰ পৰা সুলভ মূল্যৰ দোকানী বিপিন দাস ঘৰ সংযোগী পথে কদৰ্য ৰূপ লৈছে।সম্প্ৰতি পথকেইটাৰে পথচাৰী ,ছাত্ৰ -ছাত্ৰী,ব্যৱসায়ী আদি অহা -যোৱা কৰাতো দুৰৰৈ কথা এজাক বৰষুণতে বোকা-পানী একাকাৰ হৈ পৰাত 'আছু'ৱে শীঘ্ৰে বিধ্বস্ত পথকেইটা মেৰামতি কৰাৰ বাবে দাবী জনায়।লগতে,আকনা শাখা ছাত্ৰ সন্থা আৰু বৰাজোল আঞ্চলিক ছাত্র সন্থাই এইসমূহ পথ শীঘ্ৰে মেৰামতি নকৰিলে আগন্তুক দিনত ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।উল্লেখ্য যে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯ টা গাঁও পঞ্চায়তৰ সমান্তৰালভাৱে ১৪ নং গাঁও পঞ্চায়তখনতো শেহতীয়াভাৱে এম জি এনৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিত ব্যাপক খেলিমেলি হোৱাকে ধৰি পঞ্চায়তৰ নীতি-নিয়ম ভৰিৰে মোহাৰি পঞ্চায়তৰ একাংশ আঁচনিত সচিব অনিল শৰ্মাই কমিচনৰ অংকত উঠি পৰি লাগিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।এইসমূহ সমস্যা আৰু খেলিমেলিৰ ক্ষেত্ৰত স্থানীয় বিধায়ক অশোক শৰ্মা,উন্নয়ন খণ্ড বিষয়া আৰু পঞ্চায়তখনৰ সভানেত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
- Log in to post comments
- 17 views