কলিয়াবৰত কংগ্ৰেছৰ 'প্ৰতাৰণা দিৱস' কাৰ্যসূচী ৰূপায়ণ

Congress protest

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

অসমীয়া জাতিৰ স্বভিমান গামোচাখন ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত সোমবাৰে কলিয়াবৰতো কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত কুঁৱৰীটোলত কংগ্ৰেছ দলৰ কৰ্মীসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। অসমৰ বান সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া ভুৱা প্ৰতিশ্ৰুতিসমূহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে সোঁঁৱৰাই দিয়ে কংগ্ৰেছ দলে।২০১৭ চনৰ প্ৰলয়ংকাৰী বানপানীৰ খবৰ লবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আগষ্ট তাৰিখে গুৱাহাটীত উপস্থিত হৈ অসম চৰকাৰৰ কেবিনেট আৰু উচ্চ শপদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি ঘোষণা কৰা "আৰ্থিক পেকেজ"সমূহ বাস্তৱত যে ভুৱা প্ৰতিশ্ৰুতি আছিল,তাকো সোঁঁৱৰাই দিলে কংগ্ৰেছে।বানপানী নিয়ন্ত্ৰণৰ বাবে ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খনন,ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা,বান-খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ কোটি, ব্ৰহ্মপুত্ৰ অ,শৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি,উত্তৰ-পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়ক্ষতিৰ বাবে ২৩৫০ কোটিৰ ঘোষণা আজি পৰ্যন্ত পালন নকৰিলে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাত থকা বিজেপি চৰকাৰ শখনে।কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতাৰণা দিৱস কাৰ্য্যসূচীত ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে যতীন বৰা,শৈলেস দাস, এপিচিচি সদস্য প্ৰদীপ বৰুৱা আৰু সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ,জিলা কংগ্ৰেছৰ সম্পাদক তপন বৰা,যুৱ কংগ্ৰেছৰ সভাপতি ইমৰান হুছেইন, উপ-সভাপতি পিংকুমণি বৰা, বিশিষ্ট সমাজসেৱক প্ৰশান্ত কুমাৰ শইকীয়াকে ধৰি কেইবাগৰাকী দলীয় বিষয়ববীয়া প্ৰতৰণা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

Your Comments