নৰেন শৰ্মা,বাহাৰঘাট:
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত গাওঁসমূহৰ বাট-পথৰ পৰা পানী শুকুৱাৰ লগতে পথাৰৰ পানীও শুকাবলৈ লৈছিল মাথোঁ।কিন্তু শুকুৰবাৰে পানী পুনৰ বাঢ়িবলৈ লোৱাত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে।শুকুৰবাৰৰ পুৱাৰে পৰা পানী দ্ৰুতগতিত বাঢ়িবলৈ লয়।উল্লেখ্য যে ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ বুৰবুৰীত নোনা নদীৰ পশ্চিম দিশৰ মথাউৰি চিগি বৰভাগলৈ নদীৰ পানী নামি আহে।নামি অহা পানীখিনি বৰভাগৰ পৰা ওলাই যাব পৰা নাই যিহেতু পাগলদিয়া নদীৰ পানীও ওফন্দি আছে। দুসুঁতি মুখেৰেহে বৰভাগৰ পানী ওলাই গৈ পাগলদিয়া নদীত পৰিব লাগিব।পানী শুকাবলৈ লোৱাত কৃষকে পথাৰত কঠিয়া ৰোৱাৰ আশা কৰিছিল যদিও পথাৰত পানী দুই-তিনি ফুট পৰ্যন্ত উঠাত কৃষকে কঠিয়া ৰোৱাৰ আশা এতিয়া ত্যাগ কৰিব লগা হৈছে। সম্প্ৰতি পানী বাঢ়িয়ে আছে আৰু এই পানী শুকাবলৈ পোন্ধৰ-বিশ দিন পৰ্যন্ত লাগিব।গতিকে এইবাৰ কৃষকে পথাৰত কঠিয়া ৰোৱাৰ আশা ত্যাগ কৰিবলৈ বাধ্য হৈছে।বছৰটোৰ চতুৰ্থটো বানপানীৰ ফলত ৰাজহচক্ৰটোৰ আৰংংগমৌ,ৰাইটকুছি, নখেতি, কমাৰকুছি, বৰগাছা,বৰশিমলুৱা,সানেকুছি,ছমাৰকুছি,ৰাইমাধা, দেহাৰকুছি,কিচমৎ,লৰমাবটাকুছি, উত্তৰকুছি, আঠঘৰীয়া, সোনকানি পাণ্ডুলা, কোটালকুছি,বৰবুকীয়া,নামখালা আদি গাঁও ক্ষতিগ্ৰস্ত হৈছে।এই বানৰ সময়ত গৰু-ছাগলীৰ খাদ্যৰ নাটনি হোৱাটোৱে বিমোৰত পেলাব গোপালকসকলক।
- Log in to post comments
- 3 views