বেঁকী নৈৰ বানপানী আৰু গৰাখহনীয়া পৰিদৰ্শন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে:নিজাববীয়াকৈ উদ্যোগ গ্ৰহণৰ আশ্বাস

Jagdish Mukhi

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

অসমৰ ৰাজ্যপাল প্ৰ’ফেচাৰ জগদীশ মুখীয়ে    বৃহস্পিতিবাৰে বৰপেটা আৰু বাগছা জিলাৰ কেইবাটাও বান আৰু গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে।ৰাজ্যপালগৰাকীয়ে প্ৰথমতে বৰপেটা জিলাৰ ছাফাকাৰত উপস্থিত হৈ অঞ্চলটোৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয় ৷তেওঁ লগতে চূণবাৰী,বিছপানী অঞ্চললৈও গৈ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ লগতো বাৰ্তালাপ কৰে।পিছত তেওঁ মথনগুৰিলৈ যায় আৰু তাত বেঁকী নৈৰ গতিপথ পৰিদৰ্শন কৰে।বাগছা আৰু বৰপেটা জিলাৰ গৰখহনীয়া আৰু বান বিধস্ত এলেকা সমূহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে।আবেলি অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ৰাজ্যপালগৰাকীয়ে লগতে কয় যে মানাহ আৰু বেঁকী নদীৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ২০৩ কোটি টকাৰ এখনি আঁচনি দাখিল কৰা হৈছে৷ এই ক্ষেত্ৰত আঁচনিখনৰ অনুমোদনৰ বাবে তেওঁ নিজেও বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Jagdish Mukhi

ৰাজ্যপালগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁক সংগ দিয়ে বিটিএডিৰ মুখ্য প্ৰশাসক ৰাজেশ প্ৰসাদ,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,বিটিএডিৰ মুখ্য সচিব ডঃ সিদ্ধাৰ্থ সিং,বৰপেটা আৰু বাগছা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে ভালেমান উচ্চপদস্থ বিষয়াই।   

Your Comments