মৃণাল ডেকা,শুৱালকুছি:
বিশ্বত ত্ৰাস সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিব লগা হোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।বৃহত্তৰ বংশৰ অঞ্চলৰ বংশৰ আৰু গন্ধমৌ পঞ্চায়তৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকল লকডাউনৰ সময়ছোৱাত শিক্ষা গ্ৰহণত ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দশম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ পাঠ গ্ৰহণৰ সহায়ক হোৱাকৈ বস্ত্ৰনগৰী শুৱালকুছিৰ প্ৰৱেশদ্বাৰৰ ওচৰত থকা ৰেষ্টুৰেণ্ট 'বি এণ্ড বি কিচ্চেন'ৰ উদ্যোগত চৰকাৰী শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছে।বংশৰ আৰু গন্ধমৌ পঞ্চায়ত এলেকাৰ শিক্ষাৰ্থীসকলে উক্ত শিবিৰত পাঠ গ্ৰহণ কৰিব পাৰিব।শিবিৰত অভিজ্ঞতাসম্পন্ন শিক্ষকৰ দ্বাৰা বিজ্ঞান আৰু ইংৰাজী বিষয়ত হ’ব পাঠদান কাৰ হ'ব বুলি আহ্বায়ক অম্বিকা বৈশ্যই জনাইছে।সাধাৰণ বিজ্ঞান বিষয়ত গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড°কমল কৃষ্ণ ৰাজবংশীৰ উপৰি অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰিছে।ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে মোবাইল নং ৯৩৬৫৩-০৬৮১৫ ত যোগাযোগ কৰিব পাৰিব।আসন সীমিত।পাঠদানত চৰকাৰী নীতি-নিয়মৰ মাজেৰে সামাজিক দূৰত্ব বজাই ৰাখিব বুলিও জনাইছে৷
- Log in to post comments
- 24 views