কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ ৰোগী তথা পৰিয়ালটোলৈ অমানিশা নামি অহাৰ দৰে বিভিন্ন ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।সেই একে অনুৰূপ ঘটনা এটা কলিয়াবৰত সংঘটিত হ'ল।চৰ্মৰোগৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হ'ল কলিয়াবৰৰ এগৰাকী মহিলা।নাম অজন্তা ভট্টাচাৰ্য।অসুস্থ মহিলাগৰাকীৰ স্বামী অজিত চন্দ্ৰ ভাগৱতীয়ে তেজপুৰৰ 'স্কিন কেয়াৰ ক্লিনিক'ৰ চৰ্মৰোগ বিশেষজ্ঞ ডা: ডি কে দৈমাৰীৰ বিৰুদ্ধে এটাা গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এই জন চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই তেওঁৰ পত্নী অজন্তা ভট্টাচাৰ্য সম্প্ৰতি শাৰীৰিকভাৱে অসুুুস্থ হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে।খাদ্যনলীৰ কেইবা ঠাইত ঘাঁ হোৱাৰ ফলত কোনো খাদ্য গ্ৰহণ কৰিব পৰা নাই মহিলাগৰাকীয়ে।
উল্লেখ্য যে যোৱা ৪ জুলাইতে ভাগৱতীয়ে পত্নী অজন্তা ভট্টাচাৰ্যৰ দুয়োখন হাতত দেখা দিয়া অচিন ৰোগ নিৰাময়ৰ উদ্দেশ্যেৰে তেজপুৰৰ 'স্কিন কেয়াৰ ক্লিনিক'ৰ ডা: ডি কে দৈমাৰীৰ কাষ চাপিছিল।এই সংক্ৰান্তত চিকিৎসক দৈমাৰীয়ে এমাহৰ বাবে ৩০টা কেপচুল আৰু হাতত সানিবৰ বাবে দুবিধ মলম লগোৱাৰ পৰামৰ্শ দি ঔষধ প্ৰদান কৰিছিল।সেই মৰ্মেই মহিলা গৰাকীয়ে দিনে এটাকৈ চাৰিদিনত মুঠ চাৰিটা কেপচুল খোৱাৰ পিছত মহিলাগৰাকীয়ে মুখমণ্ডল,ডিঙি আৰু খাদ্যনলীত অত্যন্ত বিষ অনুভৱ কৰি অসুস্থ হৈ পৰে।ইয়াৰ পিছত পুনৰ ডা: দৈমাৰীক লগ ধৰাত তেওঁ আগৰ ঔষধটো কাটি দি আন এটি ঔষধ সেৱনৰ পৰামৰ্শ দি দায় সাৰে।ইফালে অসুুস্থ মহিলাগৰাকীয়ে মৃত্যুৰ সৈতে যুুঁজি থাকি হায়ৰান হৈ তেজপুৰৰ 'টাইমচ' হাস্পতেলত ভৰ্তি হোৱাত তাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এণ্ডছকপি কৰোৱাত খাদ্যনলীৰ চাৰি ঠাইত ঘাঁ হোৱাটো নিশ্চিত কৰে।পূৰ্বৰ চিকিৎসক ডা: দৈমাৰীৰ ঔষধ সেৱন কৰাৰ ফলতে এনে হোৱা বুলি টাইমচ হস্পিতেলৰ চিকিৎসকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে চিকিৎসা সেৱা প্ৰদান কৰি অসুুস্থ মহিলাগৰাকীক কিছু আৰাগ্য কৰিবলৈ সক্ষম হোৱা বুলি মহিলাগৰাকীৰ স্বামী অজিত চন্দ্ৰ ভাগৱতীয়ে জানিবলৈ দিয়ে।লগতে ভুল চিকিৎসাৰে ৰোগীৰ জীৱনৰে হেতালি খেলা চৰ্মৰোগৰ চিকিৎসক ডা: দৈমাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছে।
- Log in to post comments
- 350 views