কৃষি-বিজ্ঞানীয়ে পৰিদৰ্শন কৰিলে নলবাৰীৰ পোৰাকুছিৰ কৃষিভূমি           

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ্যজুৰি অব্যাহত আছে মহামাৰী ক'ভিড-১৯ৰ ভয়াৱহতা।ইয়াৰ সমান্তৰালকৈ  বাৰিষাৰ বানেও জুৰুলা কৰিছে অসমৰ ৰাইজক।বিশেষকৈ এই সংহাৰী বানে অসমৰ হেজাৰ বিঘা খেতিপথাৰৰ লগতে কৃষক ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে।কিন্তু তাৰ মাজতে অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ আঁচনিৰ অধীনত নলবাৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহঃপ্ৰকল্প বিজ্ঞানী প্ৰাণজিৎ ভৰালী আৰু গৱেষণা প্ৰযুক্তিবিদ বিশ্বজিৎ গগৈয়ে  বুধবাৰে নলবাৰী জিলাৰ পোৰাকুছিৰ কৃষিভূমি পৰিদৰ্শন কৰে।কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰা বীজৰে কৰা কৃষিকৰ্মৰ মান আৰু পদ্ধতি নীৰিক্ষণৰ বাবে উপস্থিত হোৱা বুলি বিজ্ঞানীদ্বয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।কৃষিভূমি আৰু ধাননিৰ বৃদ্ধি-বিকাশ সম্বন্ধীয় পৰিদৰ্শন কালত বিশেষ সহায় কৰে পোৰাকুছিৰ আদৰ্শ যুৱ খেতিয়ক ভূপেন বৰ্মন আৰু হৰিহৰ বৰ্মনে।ইয়াৰোপৰি কৃষিবিজ্ঞানীদ্বয়ে স্থানীয় কৃষকসকলক খেতি সম্বন্ধীয় নানান উপদেশ আগবঢ়োৱাৰ লগতে উন্নত প্ৰজাতিৰ 'বাহাদুৰ ছাব-১'ধান  খেতিৰ বাবে পোৰাকুছি গাঁৱৰ যুৱ খেতিয়ক ভূপেন বৰ্মনক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভবিষ্যতে বীজ-সাৰ-কীটনাশক আদি যোগান ধৰাৰ কথা দিয়ে।

Your Comments