দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ-নাৰিকুছি চ'কত বুধবাৰে বোকা-পানী একাকাৰ এটা গড়কাপ্তানি বিভাগৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত আছুৱে 'পথ অৱৰোধ' কাৰ্যসুচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বিলপাৰ -নাৰিকুছি চ'কৰ পৰা পুৰ্ণকামদেৱ (দেহাৰকুছি)সংযোগী গড়কাপ্তানি পথছোৱা অঞ্চলটোৰ ৰাইজৰ অতি প্ৰয়োজনী পথৰ লগতে কেইটাও গ্ৰাম্য আৰু গড়কাপ্তানী পথ জৰাজীৰ্ণ হৈ থকাৰ পিছতো বিভাগীয়ভাৱে পথ কেইটাৰ উন্নয়নৰ গুৰুত্ব নিদিয়াত পথ মেৰামতি তথা নিৰ্মাণৰ দাবীত আজি নাৰিকুছি -বিলপাৰ চ'কৰ সমীপত সংশ্লিষ্ট পথটোৰ বোকা -পানী একাকাৰ হৈ পৰা উক্ত স্থানত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত দিনৰ দহ বজাৰ পৰা দুঘন্টা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাৰ নেতৃত্বত ৰূপায়ন কৰা উক্ত কাৰ্য্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰি "অসম চৰকাৰ হায়-হায়",গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ ,স্থানীয় বিধায়ক মূর্দাবাদ, গড়কাপ্তানী বিভাগ মূর্দাবাদ, অতিশীঘ্ৰে জৰাজীৰ্ণ পথ মেৰামতি কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিৰক জ্যোতি শৰ্মাই আঁত ধৰা প্ৰতিবাদী সভাত নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ভাষণ দি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী নাৰিকুচি পথটোৰ পঁয়ালগা অৱস্থাই ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে। তেওঁ কয় যে এজাক বৰষুণ দিলে পথটো পানীৰে ভৰি পৰি বোকাময় হোৱাত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকল প্ৰায় দুৰ্ঘটনাত পতিত হৈছে। এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ চৰম ব্যৰ্থতা বুলি ছাত্ৰনেতা জনে বক্তব্য ৰাখে। প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি ছাত্ৰনেতা দীপাংকৰ লহকৰ আৰু নিকুঞ্জ শৰ্মাইও পৰিৱৰ্তনকামী চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে।প্ৰতিবাদীস্থলীতে উপস্থিত হৈ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই সভাপতি নিকুঞ্জ শৰ্মা আৰু সম্পাদক হিৰক জ্যোতি শৰ্মাৰ স্বাক্ষৰিত স্মাৰকপত্ৰ গ্ৰহণ কৰি অতিশীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়াত প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰ দূৰত পুখুৰী সাদৃশ পথটো মেৰামতিৰ বাবদ আঠ কোটি বিশ লাখ বাৰ হাজাৰ ছয়শ টকা ধার্য কৰি বিগত ছমাহ আগতে সংসদ দিলীপ শইকীয়াই নলবাৰী বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত আধাৰশিলা কৰাৰ পিছতো এটা শিলগুটিও নপৰাত আজি 'আছু'ৰ আহ্বানত স্থানীয় ৰাইজে হাতে হাতে জাল পলৰে মাছ মাৰি পথটোত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 55 views