বঙাইগাঁৱৰ প্ৰতিবেদক:
বৰ্তমান বঙাইগাঁও জিলাখনত কোভিড-১৯ৰ গণ সংক্ৰমনৰ জটিল পৰিস্থিতি বাহাল থকাৰ মাজতে এটা সুখবৰ আহিছে জিলাখনৰ স্বাস্থ্যখণ্ডলৈ।মঙলবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা ৯ বজাত এগৰাকী কোভিড পজিটিভ গৰ্ভৱতী মহিলাৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাৰ অন্তত এটি কন্যা শিশুৱে জন্ম লাভ কৰে।বঙাইগাঁও জিলাৰ সিদলসতী এলেকাৰ এই ১৯ বছৰ বয়সীয়া মহিলাগৰাকী দীৰ্ঘ সময় ধৰি প্ৰসৱ যন্ত্ৰণাত থকাৰ অন্তত মঙলবাৰে পুৱা ৪ বজাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আহি ভৰ্তি হয়।ভৰ্তি হোৱাৰ লগে লগে মহিলা গৰাকীৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় আৰু ফলাফল পজিটিভ অহাৰ লগে লগে চিকিৎসালয়খনৰ কোভিড কেয়াৰ দলটো ব্যস্ত হৈ পৰে।লগে লগে প্ৰসূূতি ৰোগ বিশেষজ্ঞ গৈ মহিলাগৰাকীক পৰীক্ষা কৰি তেওঁৰ জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিজাৰিয়ান অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় আৰু পুৱা ৯ বজাৰ লগে লগে এক সুদক্ষ চিকিৎসকৰ দলে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি মহিলা গৰাকীক ২.৪ কেজি ওজনৰ এটি সুস্থ কন্যা শিশুৰ মাতৃত্ব প্ৰদান কৰে।জন্মৰ ঠিক পাছতেই নৱজাতকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় আৰু ফলাফল নিগেটিভ আহে।বৰ্তমান মাতৃ আৰু শিশু উভয়ে সুস্থিৰ অৱস্থাত আছে আৰু যাৱতীয় চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে।এই সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসাকৰ্মীৰ দলটোত আছিল প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ গৌতম দাস, এনাচথেচিষ্ট ডাঃ এমএম ৰহমান,শিশু ৰোগ বিশেষজ্ঞ ডাঃ এম. আই. আহমেদ,ষ্টাফ নাৰ্ছ ক্ৰমে মিজিং ব্ৰহ্ম, অনিতা কলিতা আৰু লক্ষ্মী ছেত্ৰী আৰু অস্ত্ৰোপচাৰ কক্ষৰ সহায়কাৰী সত্ৰ সিং ৰয়, চাফাই কৰ্মী কিৰণ বাছফৰ আদি।এই সমগ্ৰ প্ৰক্ৰিয়াটোত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ এন. এম. দাস আৰু অধীক্ষক পি. কে. ৰয়ে সকলো সম্ভৱপৰ সহযোগিতা আগবঢ়ায়৷ উল্লেখ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এই প্ৰশংসনীয় কামৰ শ্ৰেয় জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মী প্ৰিয়াকো দিব লাগিব।যাৰ সৱল নেতৃত্বত জিলাখনৰ স্বাস্থ্য খণ্ডত এনে উৎকৃষ্ট মানৰ সেৱা সম্ভৱ হৈ উঠিছে। নিজেও এজন চিকিৎসক হোৱা হেতুকে এই সমগ্ৰ প্ৰক্ৰিয়াটো ভালদৰে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰতিটো দিশ নিজে সুনিশ্চিত কৰিছিল জিলা উপায়ুক্তগৰাকীয়ে।
- Log in to post comments
- 9 views