অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি ঘগ্ৰাপাৰত বন্তি প্ৰজ্বলন এগৰাকী শিক্ষকৰ

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ্যখনৰ নিবণুৱা সমস্যা সমাধানৰ অংশ হিচাপে  অগপ চৰকাৰৰ কাৰ্যকালৰ শেষৰ সময় চোৱাত অৰ্থাৎ বিগত ২০০১ বৰ্ষৰ মাৰ্চ মাহত অ’বিবি আচঁনিৰ অধীনত শিক্ষকৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছিল ৷ ইয়াৰ সমান্তৰালভাৱে নলবাৰী জিলাতো কিছু সংখ্যক নিবণুৱা যুৱক - যুৱতীক নিযুক্তি প্ৰদান কৰিছিল যদিও অতি পৰিতাপৰ বিষয় আজি পৰ্যন্ত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ নহ’ল ৷ এইক্ষেত্ৰত চৰকাৰ পক্ষই আজি কুৰি বছৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আজি আত্মজাহ কাৰ্যসূচীত অংশ লবলৈ আগবাঢ়ি অহা কনক চন্দ্ৰ কলিতা নামৰ এগৰাকী শিক্ষকগৰাকীয়ে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাকৰিত এক বন্তি প্ৰজ্বলন কাৰ্যসুচী ৰূপায়ণ কৰি অসম চৰকাৰৰ পৰা সুমতি বিচাৰে৷মঙলবাৰে সন্ধিয়া শিক্ষকগৰাকীয়ে  সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব‍্যক্তি তথা সাংবাদিকে অংশগ্ৰহণ কৰে। অ' বি বি শিক্ষক কনক কলিতাই আঁত ধৰা এই বন্তি প্ৰজ্বলন কাৰ্য্যসূচী অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰভাত শৰ্মাই চৰকাৰী পক্ষ আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ১৫ আগষ্টৰ পুৰ্বে  নলবাৰী এইসকল অ'বিবি শিক্ষকৰ সমস্যাসমূহ দুৰ কৰি পৰিয়ালকেইটাক জীয়াই থকাৰ ব‍্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।শিক্ষাবিদ শৰ্মাই লগতে কয় যে এইসকল শিক্ষকৰ ইতিমধ্যে চাকৰিৰ অৱসৰৰ বয়স পাবলৈ ৫/১০ বাকী থকাৰ লগতে ইয়াৰে একাংশ শিক্ষকৰ ইতিমধ্যে মৃত্যু হৈছিল বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা শৰৎ কলিতা,অগপ নেতা থানেশ্বৰ লহকৰ, হৰিনাথ লহকৰ,হেমকান্ত বৈশ‍্য,সাংবাদিক তপন দাস,দ্বিজেন ডেকা,ঘগ্ৰাপাৰ অগপৰ ভাৰপ্ৰাপ্ত সভাপতি বাপন দাস আদিয়ে অংশগ্ৰহণ কৰি একো গচি বন্তি জ্বলাই আৰু এইসকল অ’বিবি শিক্ষকৰ চাকৰি অতি শীঘ্ৰে  নিয়মীয়া কৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। অ'বি বি শিক্ষক কনক কলিতাই ভাষণত কয় যে আজি আমি এই নিযুক্তি পোৱা ৪১৫ গৰাকী শিক্ষকৰ কুৰিবছৰ ভৰি দিলে।সেয়েহে আমি কুৰিবছৰ অন্ধকাৰত থকা হেতুকে আজি কুৰি গচি বন্তি জ্বলাই আগন্তুক ১৫ আগষ্টত পুৰ্বে পোহৰ পোৱাৰ হেতুকে অসম চৰকাৰ মুখ্য মন্ত্ৰী,শিক্ষা,আৰু উদ‍্যোগ মন্ত্ৰীৰ ওচৰত চাকৰি নিয়মীয়া কৰাৰ সুমতি বিচাৰি শিক্ষকগৰাকীয়ে প্ৰাৰ্থনা কৰে।উল্লেখ‍্য‍ যে  সেই সময়ত নিযুক্তি প্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰী সকলে নিযুক্তি হোৱা বিদ্যালয়ৰ বিপৰীতে যোগদান কৰি পাঠদান কাৰ্য কৰি থাকে৷ পাঠদান কাৰ্য চলি থকাৰ মাজতে ছয় মাহ মান পিছত অ’বিবি শিক্ষকৰ চাকৰি বাতিলৰ নিৰ্দেশ আহে।ইয়াৰ পিছত অ’বিবি শিক্ষক- শিক্ষয়িত্ৰী সকলে চাকৰি নিয়মীয়া কৰণ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হয় ৷ জানিব পৰা মতে ন্যায়ালয়েে চাকৰি সমূহ বাহাল ৰাখি নিয়মীয়া কৰণৰ আদেশ দিয়ে ৷ ন্যায়ালয়ৰ আদেশক গুৰুত্ব নিদি চৰকাৰ পক্ষই অ’বিবি শিক্ষকৰ চাকৰিত নিযুক্ত প্ৰাপ্ত সকলৰ লগত হেতালি খেলি থাকিল।অগপ চৰকাৰৰ দিনত হোৱা চাকৰি কংগ্ৰেছ চৰকাৰে নিয়মীয়া নকৰাৰ অভিযোগ তুলি শিক্ষক সকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল।ইয়াৰ মাজতে নলবাৰী জিলাৰ নলবাৰী বিধান সভা  সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ কনক চন্দ্ৰ কলিতা নামৰ শিক্ষকগৰাকীয়ে ২০০৭ বৰ্ষ আৰু ২০০৮ বৰ্ষৰ স্বাধীনতা দিৱসত আত্মজাহ কাৰ্যসূচী ঘোষণা কৰাত জিলাখনৰ লগতে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।এনে পৰিস্থিতিত চৰকাৰ পক্ষই তথা স্থানীয় প্ৰশাসনে চাকৰি নিয়মীয়া কৰণৰ আশ্বাস প্ৰদান কৰি চুক্তিবদ্ধ হবলৈ বাধ্য হয় যদিও আশ্বাস ফুটুকাৰফেনত পৰিণত হয় ৷ প্ৰণিধানযোগ্য যে সেই সময়ৰ মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰী ভূমিধৰ বৰ্মন আৰু ৰিপুণ বৰাই অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰা হব বুলি আশ্বাস দিয়াৰ উপৰিও সেই সময়ৰ  মন্ত্ৰী তথা মুখ পাত্ৰ ড° হিমন্ত বিশ্ব শৰ্মাইও আশ্বাস প্ৰদান কৰিছিল।বৰ্তমান সময়ত চলি থকা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনত অংশীদাৰী দল অগপ থকাৰ লগতে ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি  আছে।এনেক্ষেত্ৰত  অ’বিবি শিক্ষকৰ চাকৰি প্ৰদান কৰা দল অগপ বৰ্তমান চৰকাৰৰ সহযোগী দল হিচাপে থকাৰ উপৰিও ড° হিমন্ত বিশ্ব শৰ্মা উক্ত মন্ত্ৰী সভাত শিক্ষা তথা বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হেতুকে অ’বিবি শিক্ষকসকলে তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।কিয়নো অগপ দলে প্ৰদান কৰা অ’বিবি শিক্ষকৰ চাকৰি সম্পৰ্কে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে অৱগত ৷ আনহাতে চৰকাৰ পক্ষই গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়া কৰণৰ  দাবী উত্থাপন কৰিছে,অন্যথা আত্মজাহ কাৰ্যসূচী বন্ধ কৰি চুক্তিত স্বাক্ষৰকাৰীসকলৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি আত্মজাহ কাৰ্যসূচী ঘোষণা কৰা শিক্ষক কনক চন্দ্ৰ কলিতাই সকীয়াই দিয়ে ৷

Your Comments