নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ বাহাৰঘাট চ'কতে অৱস্থিত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া,বাহাৰঘাট শাখাটো সম্প্ৰতি কৰ্মচাৰীৰ অভাৱত উপভোক্তাক প্ৰয়োজনীয় সা-সুবিধা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে৷কামৰূপ আৰু নলবাৰী জিলাৰ বৃহৎসংখ্যক উপভোক্তাৰ জমাবহী থকা উক্ত বেংকটোত উপভোক্তাই বিচৰা ধৰণেৰে সুবিধা নোপোৱাত বহু লোকে ক্ষোভ প্ৰকাশ কৰি আহিছে৷বেংকৰ বিধি অনুযায়ী উপভোক্তাই বহি সুস্থিৰমতে নিজৰ লেনদেন কৰিব পাৰিব লাগে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে উক্ত বেংকটোত বহাটো দূৰৰ কথা সুবিধাজনকভাৱে থিয় হ'ব পৰাৰ ব্যৱস্থা নাই৷বহুত কষ্ট কৰি ঘন্টাৰ পিচত ঘন্টা ধৰি থিয়হৈ থাকি বেংকটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পিচত বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক যেতিয়া ক'ব এতিয়া লিংক নাই,এতিয়া একাউণ্ট আপডেট নহ'ব,আপুনি পিচত আহক,এনেকুৱা কথা যেতিয়া উপভোক্তাই শুনিব লগা হয়, তেতিয় ক্ষোভিত হৈ পৰে সাধাৰণ গ্ৰাহক৷তাতে আকৌ কেইজনমান কৰ্মচাৰীৰ মাত-কথাবোৰো ককৰ্শ।এইবোৰ অভিযোগ শুনি মঙলবাৰে স্থানীয় বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে বেংকটোৰ শাখা প্ৰৱন্ধকৰ জৰিয়তে উৰ্দ্ধতন কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মা স্বাক্ষৰিত স্মাৰকপত্ৰখনত বেংকটোৰ সকলোবোৰ অভাৱ-অভিযোগ শীঘ্ৰে আঁঁতৰ কৰাৰ লগতে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰি পূৰ্বৰ দৰে সুচল কৰি তোলাৰ দাবী জনায়৷উল্লেখযোগ্য যে উক্ত বেংকটো কামৰূপ আৰু নলবাৰী জিলাৰ মাজত অৱস্থিত আৰু দুয়ো জিলাৰ মাজৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান৷
- Log in to post comments
- 28 views