কামপুৰত নগাঁও আইন মহাবিদ্যালয়ৰ বান সাহায্য বিতৰণ

Nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ কামপুৰত  নগাঁও আইন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত মঙলবাৰে বানপীড়িত লোকৰ মাজত বান সাহায্য বিতৰণ কৰে।ছাত্ৰ একতা সভাৰ সদস্যসকলে কামপুৰৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুতুমাৰী পাৰত আশ্ৰয় শিবিৰত থকা প্ৰায় ডেৰ শতাধিক বানাক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী,ব্লিছিং পাউডাৰ, ফেনাইল,চাবোন,চেনিটাৰী পেড আদি বিতৰণ কৰে।ছাত্ৰ দলটোৱে বান সাহায্য বিতৰণৰ পিছত সাংবাদিকক জানিবলৈ দিয়ে যে প্ৰতিবছৰে তেওঁলোকে বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁলোকে এইবাৰ বানতো এই সেৱা অব্যাহত ৰাখিছে।পৰৱৰ্তী সময়তো তেওঁলোকে নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

 

Your Comments