'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

গোলাঘাট

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে  মঙলবাৰে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত জাতিংধ্বংসী নাগৰিকত্ব সংশোধনী আইন -২০১৯ বাতিলৰ দাবীত,লগতে অখিল গগৈৰ  মুক্তিৰ দাবীত মানৱ শৃংখল,সাংস্কৃতিক প্ৰতিবাদ আদি বিভিন্ন কাৰ্যসূচীৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি,ছাত্ৰ মুক্তি,চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে।পুৱা ৮ বজাত ফৰকাটিং চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া,চাহ শ্ৰমিক মুক্তিৰ জিলা সভাপতি    বীৰেন  মুুণ্ডাৰ নেতৃত্বত মানৱ শৃংখল , দেৰগাঁৱত কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিপুন মহন্ত আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা,জিলা সম্পাদক জ্যোতিষ্মান বৰাৰ নেতৃত্বত গীতে-মাতে প্ৰতিবাদ      সাাব্যস্ত কৰা হয়।খুমতাইৰ হাবিছোৱাত চাহ শ্ৰমিক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোবাৰক আলীৰ নেতৃত্বত মানৱ শৃংখল,মেৰাপানীত নাৰী মুক্তি কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ,ছাত্ৰ মুক্তিৰ জিলা সভাপতি সত্যব্ৰত শইকীয়া আৰু সম্পাদক সুপ্ৰতিম ৰাজখোৱাৰ নেতৃত্বত মানৱ শৃংখল আৰু প্ৰতিবাদী সভা,কাজিৰঙাৰ    কঁহৰাত কৃষক মুক্তিৰ জিলা কাৰ্যকৰী সভাপতি মহেন মৰাং,জিলা সাংগঠনিক সম্পাদক বোধেন দলে,প্ৰভাত মৰাঙৰ নেতৃত্বত মানৱ শৃংখল,কছাৰীহাটত ছাত্ৰ মুক্তিৰ গোলাঘাট মহকুমা সমিতিৰ সভাপতি পুলিন শইকীয়া,জিলা সাংগঠনিক সম্পাদক নয়ন বৰাৰ নেতৃত্বত মানৱ শৃংখল,মৰঙীত কৃষক মুক্তিৰ জিলা সভাপতি ধৰ্মেশ্বৰ শইকীয়া, সাংগঠনিক সম্পাদক দীপক শইকীয়াৰ নেতৃত্বত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments