"সাংসদ আদৰ্শ গাঁও আচঁনি"ত বৰপেটা জিলাৰ বনঘূগী আৰু বাঁহমূৰা গাঁঁও নিৰ্বাচিত

Pic

*সমূহ বিভাগৰ বিষয়াক লৈ সাংসদ আব্দুল খালেকৰ গুৰুত্বপূৰ্ণ বৈঠক*

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড:

কেন্দ্ৰীয় চৰকাৰৰ সাংসদ আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ বনঘূগী গাওঁ পঞ্চায়ত আৰু ভৱানীপুৰ উন্নয়ন খণ্ডৰ বাহমূৰা গাওঁ পঞ্চায়তক নিৰ্বাচিত কৰা হৈছে।চলিত লকডাউন আৰু বানপানীজনিত পৰিস্থিতিৰ মাজতো এই আচঁনিৰ কামৰ অগ্ৰগতি যাতে বাধাপ্ৰাপ্ত নহয় সেই উদ্দ্যেশ্যে সোমবাৰে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ কাৰ্যালয়ৰ সভাকক্ষত সকলো বিভাগৰ বিষয়াসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা উন্নয়ন আয়ুক্ত ডা: বাবুল চহৰীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ শৰ্মা,জেষ্ঠ পৰিকল‌পনা বিষয়া দ্বীজেন্দ্ৰ নাথ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি কৃষি, স্বাস্থ্য, গড়কাপ্তানী, পশুপালন,দুগ্ধ উন্নয়ন,মীন,শক্তি,জলসিঞ্চন, জনস্বাস্থ‌্য কাৰিকৰী, হস্ততাঁত বস্ত্ৰ, ৰেচম, উদ্যোগ, শিক্ষা, সমাজ কল্যাণ, জন সম্পদ, সামাজিক বনানিকৰণ, ভূমি সংৰক্ষণ, ক্ৰীড়া আদি বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।তদুপৰি, নাবাৰ্ড আৰু স্থানীয় বেঙ্ক সমূহৰ প্ৰতিনিধিৰ লগতে  সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়া দুগৰাকীয়েও এই বৈঠকত অংশগ্ৰহণ কৰে।সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত কৰা সভাখনত সকলো বিভাগৰ আন্ত:সমন্বয়ৰ দ্বাৰা কি দৰে পিছপৰা গাওঁ দুখনৰ খৰতকীয়া উন্নয়ন সাধন কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয়।তাৰ বাবে পঞ্চায়ত পৰ্যায়ত অচিৰেই সভা অনুষ্ঠিত কৰিবলৈ সাংসদ আব্দুল খালেকে নিৰ্দেশ দিয়ে। তেওঁ গাওঁ দুখনক অৰ্থনৈতিক আৰু সামাজিক দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰচলিত আঁচনিসমূহৰ মাজতে সকলো বিভাগৰ বিষয়াসকলক অগ্ৰাধিকাৰভিত্তিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে এই দ্বিতীয় সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত এইবেলি প্ৰতিটো লোকসভা সমষ্টিতে পাচঁখনকৈ গাওঁ পঞ্চায়তক সামৰি লোৱা হৈছে।সাংসদজনে এতিয়ালৈকে তিনিখন গাওঁ নিৰ্বাচিত কৰিছে,যাৰ দুখনেই হৈছে বৰপেটা জিলাৰ।আনখন বঙাইগাঁও জিলাৰ কাটাতাৰী উন্নয়ন খণ্ডৰ ৰঙাপানী গাওঁ পঞ্চায়ত বুলি জানিব পৰা গৈছে।এই আচঁনিৰ সঠিক ৰূপায়ণে গাঁঁওকেইখনৰ উন্নয়ন দ্ৰুততৰ কৰি তুলিব বুলি আশা কৰা হৈছে।                                                 

Your Comments