পিপিই কিট পিন্ধি মহানগৰীত সষ্টম আৰক্ষী,কিন্তু কিয়?

Pic

ক'ৰ'না ভাইৰাছত আক্ৰান্তক চিকিৎসা আৰু ক'ভিড-১৯ টেষ্ট কৰাৰ বাবে চিকিৎসক-নাৰ্ছক আপুনি পিপিকিট পিন্ধা সদায় দেখিছে।কিন্তু সোমবাৰে গুৱাহাটীত আৰক্ষীয়ে পৰিধান কৰিলে পিপিই কিট।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটী ৰ'টাৰীত দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত সাব্যস্ত কৰা সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত মহানগৰীৰ আৰক্ষীক দেখা গ'ল পিপিই কিট পৰিধান কৰি প্ৰতিবাদ নিয়ন্ত্ৰণ কৰা।প্ৰতিবাদ নিয়ন্ত্ৰণত নিয়োজিত একাংশ আৰক্ষীয়ে ক'ৰ'না ভাইৰাছৰ পৰা সুৰক্ষিত ৰখাৰ পোছাক (পিপিই কিট) পিন্ধি পালন কৰিলে নিজৰ দায়িত্ব।উল্লেখ যে গুৱাহাটীত প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত পৰিধান কৰিছে পিপিই কিট।

Your Comments