হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বুল্লুট আৰু কোঁঁৱৰপুৰত কেইবাহাজাৰ বিঘা হিন্দু খিলঞ্জীয়াৰ ভূমি বেদখলকাৰীৰ কৱলত পৰিছে।এটা প্ৰেছ বিজ্ঞপ্তিত ৰামসেনা,অসমৰ মুখপাত্ৰ কৌশিক নাথে উল্লেখ কৰা মতে বাংলাদেশী মূলৰ একাংশ সন্দেহজনক মুছলমান লোকে খিলঞ্জীয়া লোকৰ ভূমি দীৰ্ঘদিনৰ পৰা দখল কৰি বৰ্তমানেও অবৈধভাৱে কৃষি কৰ্ম অব্যাহত ৰাখিছে।আনহাতে,খিলঞ্জীয়া হিন্দু লোকসকলে ভূমিৰ অধিকাৰ বিচাৰি গ'লে সন্দেহজনক বাংলাদেশী মূূলৰ মুছলমানসকলে ভয়-ভাবুকি প্ৰদান কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।বছৰ বছৰ ধৰি খিলঞ্জীয়া হিন্দু লোকসকলৰ ভূমি বাংলাদেশী মূলৰ মুছলমানসকলে ভোগ কৰি থকাৰ পিছত এতিয়া তেওঁঁলোকে গোজেই গছ হোৱাৰ লেখীয়া হোৱা বুলি বিবৃতিত উল্লেখ কৰিছে।যিহেতু,বুল্লুট-কোঁঁৱৰপুৰ আদি অঞ্চলসমূহত খিলঞ্জীয়া লোকৰ বিপৰীতে পূৰ্ববংগীয় মুলৰ মুছলমানৰ সংখ্যা অধিক বাবে উক্ত অঞ্চলসমূহত তেওলোকে প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।খিলঞ্জীয়া হিন্দুসকলে তেওঁঁলোকৰ ভূমিৰ অধিকাৰ বিচাৰিলে বা বেদখল কৰি থকা ভূমি ওভোতাই বিচাৰিলে বিভিন্ন ভয়-ভাবুকি দিয়াৰ লগতে মাৰ-ধৰ পৰ্যন্ত কৰিবলৈ উদ্যত হয় বুলি বিবৃতিটোত উল্লেখ কৰিছে।আনকি,এইসকল পূৰ্ববংগীয় মুছলমানৰ ওচৰত খিলঞ্জীয়াৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰিছে।বিবৃতিটোত আৰু উল্লেখ কৰা মতে,নলবাৰী জিলাৰ বৰভাগ,বাহাৰঘাট,ৰায়মেধা আদি অঞ্চলৰ লোকসকলে পূৰ্বতে বুল্লুট-কোঁঁৱৰপুৰত থকা নিজৰ ভূমিত খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল।কিন্তু পৰৱৰ্তী সময়ত বাংলাদেশী মূলৰ মুছলমানসকলে সেই অঞ্চলত খেতি কৰি থাকিবলৈ লয়।যাৰ ফলত হিন্দু খিলঞ্জীয়াসকলৰ ভূমি নিজৰ বুলি দাবী কৰিবলৈ লৈছে বাংলাদেশী মুলৰ বেদখলকাৰীসকলে।বিজেপি চৰকাৰখনে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গান দি শাসনৰ গাদীত বহিছে।কিন্তু বৰ্তমান খিলঞ্জীয়াৰ হাতৰ পৰাও মাটি যাওঁঁ যাওঁঁ অৱস্থা।এনে অৱস্থাত চৰকাৰক জাতি-মাটি-ভেটি ৰক্ষা কৰি অবৈধ বাংলাদেশী মূলৰ মুছলমান তথা বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ দাবী জনায়।ইতিমধ্যে এই সন্দৰ্ভত ৰামসেনা,অসমৰ প্ৰমুখ দেৱজিৎ ডেকা স্বাক্ষৰিত এক স্মাৰকপত্ৰ হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী,ৰাজহ মন্ত্ৰী আৰু কামৰূপৰ উপায়ুক্তলৈ প্ৰেৰণ কৰাৰ কথা জনাইছে ৰামসেনা,অসমে।অতি শীঘ্ৰে এই বেদখল উচ্ছেদ নকৰিলে ৰাইজৰ সহযোগত জংগী আন্দোলন অন্যথা সকলো ভুক্তভোগী হিন্দু খিলঞ্জীয়াক লগত লৈ বেদখলকাৰীক উচ্ছেদ কৰিব বুলি ৰামসেনা,অসমৰ মুখপাত্ৰ কৌশিক নাথে হুংকাৰ দিছে।
- Log in to post comments
- 24 views