দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে দেওবাৰে নলবাৰীত দুটাকৈ ক'ভিড-১৯ ৰ ৰেপিড টেষ্টিং কেন্দ্ৰ মুকলি কৰে৷ইতিমধ্যে শ্বহীদ মুকুন্দ কাকতি ক'ভিড হাস্পতালত স্থাপন কৰা নমুনা (শ্বাৱ)পৰীক্ষা কেন্দ্ৰৰ উপৰি ধৰ্মপুৰ সমষ্টিৰ বানেকুছিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নলবাৰী সমষ্টিৰ অধীনত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোটিকৈ নমুনা (শ্বাৱ) সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্টিং("Covid Testing@counselling centre" )কেন্দ্ৰ মুকলি কৰা হয়।গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নমুনা সংগ্ৰহ তথা ৰেপিড কোভিড টেষ্টিং কেন্দ্ৰ মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে নলবাৰীৰ ৰাইজৰ বাবে মুকলি কৰা এই ক'ভিড টেষ্ট কেন্দ্ৰত নমুনা পৰীক্ষা কৰি আধা ঘণ্টাৰ ভিতৰতে ফলাফল পাব পৰা যাব।এই ৰেপিড ক'ভিড টেষ্টিং কেন্দ্ৰত দিনৰ ১০ বজাৰ পৰা আবেলি ৩ বজালৈ ক'ভিড টেষ্ট কৰা হ’ব।আনহাতে,ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ৰেপিড ক'ভিড টেষ্টিং কেন্দ্ৰটি উপায়ুক্ত পূৰৱী কোঁৱৰৰ উপস্থিতিত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু সমাজকৰ্মী পুলক শৰ্মাই মুকলি কৰে।নিতুল ডেকাই ভাষণ প্ৰসংগত কয় যে বানেকুছিৰ এই ৰেপিড ক'ভিড পৰীক্ষা কেন্দ্ৰটোৰ প্ৰতি পঞ্চায়ত প্ৰতিনিধিসকলে যাতে অলপ লক্ষ্য ৰাখে আৰু ৰাইজক ক'ভিড পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে।
- Log in to post comments
- 16 views