বঙাইগাঁও জিলাত ক'ৰ'নাৰ ভয়াৱহ সংক্ৰমণ:একেদিনাই ৭৮ জন ক'ভিড-১৯ পজিটিভ

বঙাইগাঁৱৰ প্ৰতিবেদক:

*৪৭৯ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা*

বঙাইগাঁও জিলাত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।জিলাখনত দেওবাৰে একেদিনাই ক'ভিডত আক্ৰান্ত হৈছে ৭৮ জনকৈ ব্যক্তি ৷ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ।উল্লেখ্য যে বিগত ২৪  ঘণ্টাত নতুনকৈ ৭৮ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ৪৭৯ জনলৈ বৃদ্ধি পাইছে।

Pic

জিলাখনত নতুনকৈ ক'ভিডত আক্ৰান্তসকল হ'ল ২০ জন চিআইএছএফৰ জোৱান,১৩ জন নিউ বঙাইগাঁও ৰে'লৱে কাৰখানাত কৰ্মৰত চাকৰিয়াল,১১ জন আন্তঃৰাজ্য ভ্ৰমণ কৰা ব্যক্তি,৮ জন অভয়াপুৰী আৰক্ষী থানাৰ আৰক্ষী,২ জন মাণিকপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী,১ জন বিশাল মেগামাৰ্টৰ কৰ্মচাৰী,১ জন আৰপিএফ, ১ জন আৰপিএফৰ পৰিয়ালৰ সদস্য ,১ জন বঙাইগাঁও আৰক্ষী ৰিজাৰ্ভৰ,এজন বিদ্যুৎ কৰ্মী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসহ মুঠ ৪ জন,১ জন ই - কমাৰ্চৰ ডেলিভাৰী দিয়া যুৱক,১ জন গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী,ফাৰ্মাচীৰ কৰ্মী আৰু পৰিয়ালৰ সদস্যসহ ৪ জন,২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়ক,২ জন বেংকৰ কৰ্মচাৰী,১ জন শিক্ষক , ১ জন ১০৮ এম্বুলেন্সৰ চালকৰ পিতৃ , ১ জন এফ চি আইৰ একাউণ্টচ মেনেজাৰ (পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা) আৰু  ৩ জন ব্যক্তি আছে।নতুনকৈ আক্ৰান্ত আটাইকেইজন ৰোগীকে পুৱাৰ ভাগত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।ইফালে,জিলাখনত বৰ্তমানলৈকে ক'ভিড-১৯ ত মুঠ ৪৭৯ জন ব্যক্তি আক্ৰান্ত হৈছে যদিও ইয়াৰে ভিতৰত ২১৭ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে।সেইদৰে,জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৭৫ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ৮৭ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।উল্লেখ্য যে শনিবাৰে জিলাখনৰ ২৭ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছিল আৰু জিলাখনৰ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৪০১ জন ৷ 


 

Your Comments