লাহৰিঘাটৰ প্ৰতিবেদক :
অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ এটি সজাতী দলে আজি অগপ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ মৰ্মে লাহৰীঘাট সমষ্টিৰ বিভিন্ন অঞ্চলৰ বান গৰাখহনীয়া পৰিদৰ্শন কৰি বানপীড়িতক বান সাহাৰ্য্য প্ৰদান কৰে।উল্লেখ্য যে উক্ত সজাতী দলটোৰ নেতৃত্ব দিয়ে অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাই। যুৱনেতা গৰাকীক সংগ দিয়ে অসম যুৱ পৰিষদৰ কাৰ্য্যকৰী সভাপতি জিতু বৰগোহাঞি, সম্পাদক গৌতম বৰাৰ লগতে স্হানীয় যুৱ পৰিষদৰ নেতা কৰ্মী সকলে। পৰিষদৰ নেতৃত্বই লাহৰীঘাট সমষ্টিৰ বান গৰাখহনীয়া সমস্যা সন্দৰ্ভত জলসম্পদ মন্ত্ৰীৰ লগত আলোচনা কৰাৰো পোষকতা কৰে।
- Log in to post comments
- 24 views