নগাঁও চহৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ

Nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে দেওবাৰে দুপৰীয়া নগাঁও চহৰৰ সমীপৰ চকীটুপ হাজীপাৰত  বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে,দেওবাৰে দুপৰীয়া এজন যুৱকে স্কুুুটীত বৃৃৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি লৈ চকীটুপ হাজীপাৰা,বিষ্ণুমন্দিৰ অঞ্চলত অহা-যোৱা কৰি থকা অৱস্থাত স্থানীয় ৰাইজে সন্দেহবশত: যুৱকজনক ৰখাই সোধ-পোছ কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।পিছত,স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী গৈ ঘটনাস্থলীত পোৱাৰ আগতে যুৱকজন ৰাইজৰ মাজৰ পৰা কৌশলেৰে পলায়ন কৰে।অৱশ্যে,স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে প্ৰায় ৩০০ টা নিচাযুক্ত ঔষধৰ বটল আৰু যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০২ টি ৯৫২৯ নম্বৰৰ স্কুটীখন জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে পলায়ন কৰা যুৱকজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Your Comments