মৃণাল ডেকা,শুৱালকুছি:
*শুৱালকুছি-বামুন্দীত ৯ গৰাকীৰ দেহত ক'ভিড পজিটিভ*
কামৰূপ জিলাৰ পছৰীয়াস্থিত ইমামী উদ্যোগত পুনৰ ৫ গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে ৷ হাজো বিষ্ণুৰাম মেধি সামূহিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি , হাজো স্বাস্থ্য বিভাগৰ এটি দলে ইমামী উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰায় ২৬১ জন কৰ্মচাৰীৰ ৰেপিড টেষ্ট কৰোৱা হয় আৰু ৰেপিড টেষ্টত ৫ গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ৷ স্বাস্থ্য বিভাগে তেওঁলোক উত্তৰ গুৱাহাটীৰ আই আই টি ক’ভিড চেন্টাৰত ভৰ্ত্তি কৰায়৷ আনহাতে,শুৱালকুছি চিকিৎসালয়ৰ ৰেপিড টেষ্টত দেওবাৰে ৯ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ চিকিৎসালয়খনৰ সুত্ৰই জানিবলৈ দিয়া মতে আজি কভিড পজিটিভ পোৱা ব্যক্তিসকল হল শুৱালকুছি লক্ষ্মীনাথ নাথ নগৰৰ পৱিত্ৰ নাথ (৪৫), বজাৰৰ অচ্যুত মাৰ্কেটৰ লক্ষ্মী প্ৰসাদ বৰা(৭০) আৰু তেওঁৰ পত্নী বিজয়া ডেকা বৰা(৬০), কুমাৰপাৰাৰ শংকৰ কলিতা(১৭),বাথানৰ তিলোত্তমা দাস(৪৮), বৰলাহৰ নৱদ্বীপ কলিতা(২২),বামুন্দীৰ অজিত ভূঞা(২৫), জিতুমণি ভূঞা(২২), সমিৰণ ৰাজবংশী (২২)।এওঁঁলোকক আমিনগাও ক'ভিড চিকিৎসালয়লৈ পঠিওৱা হৈছে।
- Log in to post comments
- 32 views