নলবাৰীৰ দেহাৰকুছিত এজনৰ দেহত ক'ভিড পজিটিভ

Nalbari

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অধীনষ্ঠ দেহাৰকুছি(কলবাৰী)ত দীপক শৰ্মা(৫৪) নামৰ এজন লোকৰ দেহত ক'ভি’ড পজিটিভ ধৰা পৰাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷জানিব পৰা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী শৰ্মা কিছুদিনৰ পৰা সামান্য জ্বৰ-কাহত আক্ৰান্ত হৈ আছিল৷যোৱা ২০ জুলাইত শৰ্মাই কৰ্মস্থলীত উপস্থিত হৈ তাতে স্বোৱাব টেষ্ট কৰিবলৈ দিছিল৷স্বোৱাব টেষ্টৰ ফলাফলত প্ৰথমতে নিগেটিভ ওলোৱা বুলি খবৰ ওলাই যদিও ২৫ জুলাইৰ নিশাৰ ভাগত পজিটিভ হোৱাৰ নিশ্চিত খবৰ পোৱা যায়৷দেওবাৰে পুৱাৰ ভাগত ঘগ্ৰাপাৰ পিএইছচিৰ স্বাস্থ্যকৰ্মীৰ এটা দলে শৰ্মাক ১০৮ এম্বুলেন্সৰে ঘগ্ৰাপাৰ খাতিকুছি আদৰ্শ হস্পিতালৰ ক'ভিড কেন্দ্ৰত ভৰ্তি কৰায়‌।

 

Your Comments