দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিহজাৰী গাঁও পঞ্চায়তৰ অধীনষ্ঠ বিভিন্ন স্থানত চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৯/২০ বৰ্ষৰ আঁচনিৰ অধীনত ছয়টাকৈ আঁচনিৰ কামৰ শুকুৰবাৰে শুভাৰম্ভণি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।বিধায়ক শৰ্মাই কেহেৰুৱা (দেকাতোলা)গাঁৱৰ মন্দিৰ সভাৰ ঘৰ উন্নয়নৰ বাবদ ধাৰ্য কৰা তিনিলাখ টকীয়া আঁঁচনিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি অনুষ্ঠানটোৰ আঁঁত ধৰে বুথ সভাপতি গৌতম কলিতাই।অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে ভাষণত কয় যে বিজেপি চৰকাৰে সদায় উন্নয়নৰ কথা ভাবে আৰু প্ৰতিদিনে উন্নয়নৰ কাম-কাজ কৰি আহিছে।কিন্তু,একাংশ লোকে এই উন্নয়নৰ বাটত হেঙাৰ হিচাপে থিয় দিবলৈ চেষ্টা কৰে।বৰ্তমান সময়ত কংগ্ৰেছীসকলে ৰাজ্যখনত বিভিন্ন প্ৰকাৰে অশান্তি কৰাৰ লগতে উন্নয়নত বাধা দিয়াৰ বাবে উঠি-পৰি লাগিছে বুলি তেওঁ কটাক্ষ কৰে।লগতে বিধায়কগৰাকীয়ে কয় যে যি সময়ত সমগ্ৰ বিশ্বতে ক'ৰ'না মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে,তেনে সময়ত অসমত কংগ্ৰেছে ইয়াক লৈ বিভিন্ন প্ৰকাৰেৰে ৰাজনীতি কৰাৰ বাবে দিনে-নিশাই উঠি-পৰি লাগিছে।স্বাধীনতাৰ ৭২ বছৰৰ পিছতো নলবাৰী সমষ্টিৰ লগতে এই অঞ্চলটোৰ একো উন্নয়ন কৰিব নোৱাৰা কংগ্ৰেছ দলটোৱে বিজেপিৰ উন্নয়নমুলক কামত জ্বলি -পুৰি মৰিব ধৰা বুলিও বিধায়ক শৰ্মাই ভাষণত কয়। ইয়াৰ পিছতে বিধায়ক শৰ্মাই একেটা আঁঁচনিৰ অধীনত পঞ্চায়তখনৰ তিনি নং সাগৰকুছি গাঁৱৰ বলোৰাম কলিতাৰ ঘৰৰ কাষৰ পৰা নগেন বেজবৰুৱা সংযোগী পথ,ক্ষুদ্রবিস্তুপুৰ গাঁৱৰ হেমেন কলিতা সংযোগী পথ,দিহজাৰী গাঁৱৰ নামঘৰৰ কাষৰ পৰা সোণাৰাম ঘৰ সংয়োগী পথ,কেহেৰুৱা গাঁৱৰ গোপাল ৰাজবংশী ঘৰৰ কাষৰ পকী বেৰ আৰু দিহজাৰী গাঁৱৰ-নাৰায়ণ বৰ্মণৰ ঘৰৰ কাষৰ পৰা ফণী বৰ্ণন সংযোগী পথৰ দিহজাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপক কলিতা,সচিব সুৰথ বৰ্মনৰ উপস্থিতত আধাৰশিলা স্থাপন কৰে।উল্লেখ্য যে বিধায়ক অশোক শৰ্মাৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত সংগ দিয়ে দিহজাৰী গাঁৱৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বুবুল দাস,প্ৰাক্তন সম্পাদক চন্দন ডেকা,নলবাৰী মহিলা মৰ্চাৰ সম্পাদিকা দুলুমনি কলিতা আদিকে ধৰি বিজেপিৰ ভালেসংখ্যক নেতা-কৰ্মী।ইয়াৰ পূৰ্বে খাতিকুছি আদৰ্শ হাস্পতালত উপস্থিত হৈ ক'ৰ'নাত আক্ৰান্ত ৰোগীসকলৰ খা-খবৰ কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰ বুজ লয়।
- Log in to post comments
- 19 views