নলবাৰীত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ চিকিৎসালয় পৰিদৰ্শন:চিকিৎসাধীন ক'ভিড ৰোগীৰে বার্তলাপ

Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীত শুকুৰবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা সদলবলে উপস্থিত হৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা ক'ভিড ৰোগীৰে বাৰ্তালাপ কৰে।ইফালে, মন্ত্ৰীগৰাকীক সাংবাদিকৰ সন্মুখতে ক্ষোভিত হোৱা দেখা গ'ল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰি অহা দল-সংগঠনৰ বিৰুদ্ধে। সাংবাদিকেৰে মুখামুখি হৈ উক্ত দল-সংগঠনসমূহৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয়-''ওকণিৰ ভয়ত চুলি খুৰোৱা ব্যক্তি নহয় আমি।আৰটিআই মৰা,ব্লেকমেইলিং কৰা পাবত গজা সংগঠনক আমি ভয় নকৰোঁঁ।মৃতদেহৰ ওপৰেদি গৈ আমি ৰাজনীতি নকৰোঁ।এই ৰাজনীতি কংগ্ৰেছে কৰে।"আনহাতে, চিকিৎসালয়খনত একাংশ ক'ভিড ৰোগীয়ে খাদ্য,চিকিৎসা সন্দৰ্ভত বেমেজালিৰ অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰে।মন্ত্ৰীগৰাকীয়ে এই বিষয় সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস দিয়ে।মন্ত্ৰীগৰাকীক সংগ  দিয়ে বিধায়কদ্বয় অশোক শৰ্মা, নাৰায়ণ ডেকা, অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই। সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকে।

Your Comments