"মহানগৰীৰ ভৰলুত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব"-জি পি সিং

G P Singh

মহানগৰীৰ ভৰলুত পিতৃৰ সৈতে ঔষধ আনিবলৈ যোৱা এগৰাকী শাৰীৰিকভাৱে অক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙৰ।টুইটাৰৰ জৰিয়তে আৰক্ষী সঞ্চালক  প্ৰধানগৰাকীয়ে প্ৰকাশ কৰিছে এই কথা।

Pic

উল্লেখ যে বৃহস্পতিবাৰে পিতৃৰ সৈতে ঔষধ আনিবলৈ কিশোৰগৰাকী ফাৰ্মাচীলৈ যোৱাৰ সময়তে কৰ্তব্যৰত আৰক্ষীয়ে বেত্ৰাঘাত কৰিছিল কিশোৰজনক।পুত্ৰই চটফটাই থকা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল পিতৃয়ে।তাৰ পিছতে সামাজিক মাধ্যমত ভিডিঅ'টো সন্দৰ্ভত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।বহু লোকে আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনোৱাৰ লগতে অভিযুক্ত আৰক্ষীগৰাকীৰ শাস্তিৰ দাবী জনাইছিল।

Pic

গুৰুত্বপূৰ্ণ যে আৰক্ষীগৰাকী ভৰলুু আৰক্ষী থানাত কৰ্মৰত।

Your Comments