জনতা ভৱনত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল।সংবাদ মেলত কৃষি মন্ত্ৰী অতুল বৰাৰ বৃহৎ ঘোষণা।চলিত বৰ্ষত ৰাজ্যৰ কৃষি বিভাগত হ'ব প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া।
মন্ত্ৰী বৰাই জানিবলৈ দিয়া অনুসৰি তৃতীয় বৰ্গত ১৯২০টা,কনিষ্ঠ অভিযন্তা ৪২টা,সহকাৰী অভিযন্তা ১২টা,কৃষি উন্নয়ন বিষয়া ১১৩টা পদত দিয়া হ'ব নতুন নিযুক্তি।
ইয়াৰ উপৰিও পশুপালন বিভাগতো হ'ব নতুনকৈ নিযুক্তি।
তৃতীয় বৰ্গত ৩১টা,ক্ষেত্ৰ সহায়ক
২২৪টা,চতুৰ্থ বৰ্গত ৮৬টা,ৰাজপত্ৰিত বিষয়াৰ ১৭টা পদত হ'ব নতুনকৈ নিযুক্তি।এই কথা জনালে মন্ত্ৰী বৰাই।
উল্লেখ যে ৰাজ্যৰ ২৭খন জিলাত ভয়াৱহ বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে ১০৫৩১খন গাঁও।এই বুলি উল্লেখ কৰি বৰাই কয় -'উক্ত গাঁঁওসমূহৰ প্ৰায় ৯লাখ ৯৫হাজাৰ ২৬০ জন খেতিয়ক ক্ষতিগ্ৰস্ত হৈছে।ইয়াৰ উপৰিও ২২ লাখ ৩৩ হাজাৰ ৮৫০ টাকৈ পশুধনৰ ক্ষতি হৈছে।একেদৰে ১৪ লাখ ৩৯ হাজাৰ ৩১৮টা হাঁহ-কুকুৰাৰ ক্ষতি হৈছে বানত।'
চলিত বৰ্ষত ৰাজ্যৰ কৃষকসকলৰ মাজত ১০হাজাৰখন ট্ৰেক্টৰ আৰু ২৭ হাজাৰখন পাৱাৰটিলাৰ বিতৰণ কৰা বুলিও সংবাদমেলত বৰাই জানিবলৈ দিয়ে।
- Log in to post comments
- 17 views