সামাজিক মাধ্যমত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া প্ৰাক্তন সেনা জোৱানক গ্ৰেপ্তাৰ

Pic

*মন্ত্ৰী শৰ্মাৰ দুই সন্তান আৰু সহধৰ্মিনীৰ বিৰুদ্ধেও বিতৰ্কিত পোষ্ট দিছিল প্ৰাক্তন জোৱানজনে*

মন্ত্ৰী ড: হিমন্ত  বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া প্ৰাক্তন সেনা জোৱানক গ্ৰেপ্তাৰ।গুৱাহাটীৰ সাতগাঁৱৰ পৰা ক্ৰাইম ব্রান্সে লোকজনক গ্ৰেপ্তাৰ কৰে।সামাজিক মাধ্যমত মন্ত্ৰী শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা প্ৰাক্তন সেনা জোৱানজনৰ নাম হৈছে তীৰ্থ চলিহা।

গুৱাহাটীৰ সাতগাঁৱত ভাড়াঘৰত আছিল চলিহা।লখিমপুৰৰ বিহপুৰীয়াত ঘৰ প্ৰাক্তন জোৱানজনৰ।তাতে তেওঁৰ পৰিয়াল থাকে।

Pic

উল্লেখ্য যে বিভিন্ন সময়ত সামাজিক মাধ্যমত চলিহাই বিতৰ্কিত পোষ্ট দি আহিছিল।তাৰ বাবে প্ৰাক্তন সেনা জোৱানজনক আৰক্ষীয়ে গৈ এইধৰণৰ পোষ্ট নিদিবৰ বাবে সকীয়াই আহিছিল।কিন্তু আৰক্ষীৰ সকীয়নীৰ পিছতো প্ৰাক্তন জোৱানগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত বিতৰ্কিত পোষ্ট দিছিল।লগতে মন্ত্ৰীৰ শর্মাৰ দুই সন্তানক গছকি হত্যাৰ কৰাৰো ভাবুকি প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও মন্ত্ৰী শৰ্মাৰ পত্নীৰ সন্দৰ্ভতো বেয়াকৈ পোষ্ট কৰিছিল  প্ৰাক্তন জোৱানগৰাকীয়ে।পোষ্টসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ক্ৰাইম ব্ৰান্সে  নিজাকৈ গোচৰ ৰুজু কৰি বৃৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে।

Your Comments